সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

ক’ৰোণাত আক্ৰান্ত হৈও হেৰুওৱা নাই সাহস,এৰা নাই শিক্ষকতা

ক’ৰোণাত আক্ৰান্ত হৈও হেৰুওৱা নাই সাহস, এৰা নাই শিক্ষকতা ৷ উৎসাহৰ প্ৰতীক হৈ উঠিছে এগৰাকী স্কুল শিক্ষক ৷ লাডাখৰ এগৰাকী শিক্ষক ৷ নাম কিফায়ত হুছেইন ৷ লেহ জিলাৰ লেমডন মডেল ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ গণিতৰ শিক্ষক ৷ এইগৰাকী ক’ৰোণাক্ৰান্ত শিক্ষক এতিয়া অসংখ্যজনৰ বাবে হৈ পৰিছে উৎসাহ আৰু প্ৰেৰণাৰ প্ৰতীক ৷ কিফায়ত হুছেইন নামৰ এইগৰাকী শিক্ষকে ৰোগাক্ৰান্ত হৈও হোৱানাই হতাশ , হেৰুৱাব খোজা নাই সাহস ৷ নিৰলস ভাৱে হস্পিতালৰ আইছোলেছন ৱাৰ্ডৰ পৰাই নিজৰ স্কুলৰ নৱম আৰু দশম শ্ৰেণীৰ ছাত্ৰসকলৰ বাবে অনলাইন ক্লাছ কৰি গৈছে ৷ কেতিয়াবা joom এপৰ সহায়ত বা কেতিয়াবা ইন্টাৰনেটৰ অসুবিধাৰ বাবে pre recorded ভিডিঅ দি হ’লেও শিক্ষাদান কৰি গৈছে এইগৰাকী শিক্ষকে ৷ শিক্ষকগৰাকী যোৱা ৩ মে’ত ক’ৰোণা পজিটিভ হিছাপে চিন্হিত হৈছিল ৷

Click here to like us on Facebook. Don’t miss our video reports as well. Click here to subscribe us on Youtube.

- Donation -

Leave A Reply

Your email address will not be published.