ক’ৰোণাত আক্ৰান্ত হৈও হেৰুওৱা নাই সাহস,এৰা নাই শিক্ষকতা

Share This Article

ক’ৰোণাত আক্ৰান্ত হৈও হেৰুওৱা নাই সাহস, এৰা নাই শিক্ষকতা ৷ উৎসাহৰ প্ৰতীক হৈ উঠিছে এগৰাকী স্কুল শিক্ষক ৷ লাডাখৰ এগৰাকী শিক্ষক ৷ নাম কিফায়ত হুছেইন ৷ লেহ জিলাৰ লেমডন মডেল ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ গণিতৰ শিক্ষক ৷ এইগৰাকী ক’ৰোণাক্ৰান্ত শিক্ষক এতিয়া অসংখ্যজনৰ বাবে হৈ পৰিছে উৎসাহ আৰু প্ৰেৰণাৰ প্ৰতীক ৷ কিফায়ত হুছেইন নামৰ এইগৰাকী শিক্ষকে ৰোগাক্ৰান্ত হৈও হোৱানাই হতাশ , হেৰুৱাব খোজা নাই সাহস ৷ নিৰলস ভাৱে হস্পিতালৰ আইছোলেছন ৱাৰ্ডৰ পৰাই নিজৰ স্কুলৰ নৱম আৰু দশম শ্ৰেণীৰ ছাত্ৰসকলৰ বাবে অনলাইন ক্লাছ কৰি গৈছে ৷ কেতিয়াবা joom এপৰ সহায়ত বা কেতিয়াবা ইন্টাৰনেটৰ অসুবিধাৰ বাবে pre recorded ভিডিঅ দি হ’লেও শিক্ষাদান কৰি গৈছে এইগৰাকী শিক্ষকে ৷ শিক্ষকগৰাকী যোৱা ৩ মে’ত ক’ৰোণা পজিটিভ হিছাপে চিন্হিত হৈছিল ৷

Click here to like us on Facebook. Don’t miss our video reports as well. Click here to subscribe us on Youtube.

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.