‘হাতী মানুহৰ সংঘাত’ জিলিকিল আমনিশালীত

Share This Article

চাওঁতে চাওঁতে অসমীয়াৰ পদুলিমুখ পালেহি হেঁপাহৰ ভোগালী।কি উজনি কি নামনি সকলোতে মাথোঁ এতিয়া বিহুৰ প্ৰস্তুতি ।চেনেহৰ বিহুটিক আদৰিবলৈ গ্ৰামাঞ্চলসমূহত চহা ৰাইজে চলাইছে ব্যাপক প্ৰস্তুতি।ঠায়ে ঠায়ে চলিছে আটকধুনীয়া ভেলাঘৰ নিৰ্মাণৰ অঘোষিত প্ৰতিযোগিতা ।ৰহাৰ আমনিশালীতো শিল্পী ভগৱান সেনাপতিৰ হাতৰ পৰশত প্ৰাণ পাই উঠিছে এটি দৃষ্টিনন্দন ভেলাঘৰে । বিগত এঘাৰ বছৰ ধৰি বিশেষ বিশেষ থীম লৈ ভেলাঘৰ নিৰ্মাণ কৰি চমক সৃষ্টি কৰা শিল্পী গৰাকীয়ে এদল নিপুণ সহযোগীৰ শ্ৰমৰ বিনিময়ত সাজি উলিয়াইছে হাতী-মানুহৰ সংঘাত দূৰীকৰণৰ থীমসমৃদ্ধ ভেলাঘৰ ।ভেলাঘৰটোত দৃশ্যমান হৈছে এগৰাকী মহিলাই বন্যহস্তীৰ খাদ্যৰ বাবে কলগছ ৰোপন কৰিছে আৰু বন্যহস্তীয়ে মহিলা গৰাকীক হিয়া উজাৰি আশীৰ্বাদ দিছে ।শিল্পী ভগৱান সেনাপতিৰ আশা – এইদৰেই আমি যদি পাহাৰীয়া বা ইয়াৰ দাঁতি কাষৰীয়া অঞ্চল সমূহত কলগছ ৰোপন কৰোঁ তেন্তে বন্যহস্তীৰ জাকে আহি তাণ্ডৱৰ সৃষ্টি নকৰে আমাৰ সমতলভূমিত ।অৰ্থাৎ দূৰ হ’ব হাতী-মানুহৰ সংঘাত।যিটো সময়ত খাদ্যৰ সন্ধানত বনাঞ্চলৰ পৰা জনাঞ্চললৈ নামি অহা বন্যহস্তীৰ উপদ্ৰৱৰ বাবে গঞা ৰাইজে বিনিদ্ৰ ৰজনী কটাবলগীয়া হৈছে সেই সময়তে শিল্পী ভগৱান সেনাপতিৰ এই চিন্তাই বিশেষ সমাদৰ লাভ কৰা পৰিলক্ষিত হৈছে ।কিন্তু চৰম পৰিতাপৰ বিষয় যে, শিল্পী গৰাকীয়ে সুদলৈ টকা আনি নিৰ্মাণ কৰি আছে প্ৰায় ৭০/৮০ হাজাৰ টকা ব্যয় হ’বলগীয়া এই ভেলাঘৰটো ।যিটো কথা শিল্পী গৰাকীয়ে আক্ষেপেৰে প্ৰকাশ কৰিলে সংবাদ মাধ্যমৰ আগত ।প্ৰশ্ন হয়,আৰ্থিক অনাটনত থমকি ৰৈছে এনে বহু শিল্পীৰ শিল্প চৰ্চা ?

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.