হত্যাৰ চেষ্টা চিকিৎসকক

Share This Article

ডিব্ৰুগড়ত চিকিৎসকক নিজ গৃহতে হত্যাৰ চেষ্টা ।ব্যাপক চাঞ্চল্য।আৰক্ষীয়ে পদক্ষেপ নোলোৱাৰ অভিযোগ মাতৃৰ। ডিব্ৰুগড়ৰ এগৰাকী যুৱ চিকিৎসকক নিজ বাসগৃহতে গুৰুলা গুৰুলকৈ প্ৰহাৰ কৰি হত্যাৰ চেষ্টা চলোৱা ঘটনাই ডিব্ৰুগড়ত ব্যাপক চাঞ্চল্যৰ স্বৃষ্টি কৰিছে।ডিব্ৰুগড় চহৰৰ বৈৰাগীমঠত সংঘটিত হৈছে এই ভয়ংকৰ ঘটনা।চিকিৎসক গৰাকীৰ নিজ বাসগৃহৰ চোতালতে উপৰ্যুপৰি প্ৰহাৰ কৰিয়েই ক্ষান্ত নাথাকি অচেতন অৱস্থাতো আক্ৰমণ কৰি মুমুৰ্ষ অৱস্থাত এৰি যায় দুই যুৱকে।স্থানীয় আৰক্ষী চকীত অভিযোগ দিয়াৰ পাছতো কোনো বিহিত ব্যৱস্থা গ্ৰহণ নকৰাত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে সমগ্ৰ অঞ্চলটোত। ডিব্ৰুগড়ৰ বৈৰাগীমঠৰ কিৰণ শইকীয়া আৰু ৰুমা শইকীয়াৰ পুত্ৰ ডাঃ গীতাৰ্থ শইকীয়াক নিজ বাসগৃহৰ চোতালতে দুই যুৱকে হত্যাৰ চেষ্টা কৰেয।অভিযোগ অনুসৰি দেৱৰাজ বৰগোঁহাই নামৰ এজন যুৱকে আন এজন সতীৰ্থ সহ ডাঃ গীতাৰ্থ শইকীয়াৰ ঘৰত আহি উপৰ্যুপৰি আক্ৰমণ কৰে।ফলত ডাঃ শইকীয়াৰ এখন কাণ ছিঙি যোৱাৰ উপৰিও মূৰত গুৰুতৰ ভাৱে আঘাত প্ৰাপ্ত হোৱাৰ লগতে দেহৰ বিভিন্ন স্থানত আঘাত পোৱাত ততালিকে চিকিৎসালয়ত ভৰ্তি কৰিবলগীয়া হয়।ডাঃ গীতাৰ্থ শইকীয়া মাজুলীত চিকিৎসক হিচাপে ইণ্টাৰ্ণশ্বিপ কৰি আছিল আৰু মাজুলীৰ পৰা নিজ গৃহত উপস্থিত হোৱাৰ পাছতেই দেৱৰাজ বৰগোঁহাই সহ আন এজন যুৱক ঘৰৰ বাহিৰত উপস্থিত হৈ ডাঃ গীতাৰ্থক বিচাৰে।দেউতাকে ঘৰৰ ভিতৰলৈ আহিবলৈ কোৱাত,গীতাৰ্থকহে বাহিৰলৈ ওলাই আহিবলৈ কয়।চিকিৎসক গীতাৰ্থ ঘৰৰ বাহিৰলৈ ওলাই অহাত বিশেষ কোনো প্ৰশ্নৰ সন্মুখীন নোহোৱাকৈয়ে চোতালতে আক্ৰমণ কৰি হত্যাৰ চেষ্টা চলায়।আনহাতে সমগ্ৰ ঘটনা সন্দৰ্ভত আৰক্ষীক গোচৰ দিছে যদিও আৰক্ষীয়ে এই পৰ্যন্ত আক্ৰমণকাৰী যুৱক জনক কৰায়ত্ত কৰিবলৈ সক্ষম হোৱা নাই।বৰ্তমানে সংকটজনক অৱস্থাত থকা চিকিৎসক পুত্ৰৰ ন্যায় বিচাৰি অৱশেষত সংবাদ মাধ্যমৰ কাষত হাতযোৰ কৰি আৰক্ষীলৈ কাতৰ অনুৰোধ জনায় দুৰ্ভগীয়া মাতৃ ৰুমা শইকীয়াই।মানৱ সেৱাত নিয়োজিত এজন চিকিৎসকক নিজ বাসগৃহত এনেদৰে আক্ৰমণ সংঘটিত কৰা ঘটনাই স্বাভাৱিকতে চাঞ্চল্যৰ সৃষ্টি কৰিছে যদিও আৰক্ষীৰ প্ৰকৃত তদন্ততহে সকলো স্পষ্ট হ’ব।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.