সৰস্বতী পূজাত পিঠাৰে আপ্যায়ন শিক্ষাৰ্থীক

Share This Article

হাওৰাঘাটত এজাক কণমানিৰ ব্যতিক্ৰমী প্ৰয়াস ।ব্যৱহাৰিক শিক্ষাৰ ওপৰত গুৰুত্ব প্ৰদান শংকৰদেৱ বিদ্যা নিকেতনৰ ।জীৱনত সফলতা অৰ্জনৰ বাবে কেৱল পাঠ্যক্ৰমৰ শিক্ষাই পৰ্যাপ্ত নহয়। সফলতাৰ বাবে প্ৰয়োজন বহুমুখী শিক্ষাৰ। তাৰেই এক আখৰা দেখা গ’ল হাওৰাঘাট শংকৰদেৱ বিদ্যা নিকেতন।শ্ৰেণী কোঠাত শিক্ষা গ্ৰহণৰ পৰিৱৰ্তে এজাক কণমানি ব্যস্ত খাদ্য প্ৰস্তুতকৰণত। বিবিধ পিঠা পনা প্ৰস্তুতকৰণত ব্যস্ত ছাত্ৰছাত্ৰী৷ কি নাই এই ব্যৱস্থাপনাত? নাৰিকলৰ পিঠা, তেল পিঠা, ঘিলা পিঠা, ভাপত দিয়া পিঠা, বৰ পিঠা, তিল পিঠা, ঠেকুৱা, পাটি চাপতা, মুড়ি লাডু, চিৰা লাডু, নাৰিকলৰ লাডু, তিলৰ লাৰু, চুজি লাৰু, চুঙা পিঠা, ককাল চিঙা পিঠা, ইডলি আৰু বহুত।এফালৰ বনাই গৈছে সপ্তম-অষ্টম, নৱম-দশমমানৰ ছাত্ৰীয়ে।পাঠ্যক্ৰমৰ শিক্ষাৰ উপৰিও এওঁলোক এইদৰে ব্যস্ত ব্যৱহাৰিক শিক্ষা গ্ৰহণত। নাই ক্লান্তি, নাই ভাগৰ! আছে যদি কিবা সেয়া হ’ল কেৱল পিঠা পনা প্ৰস্তুতকৰণৰ ধাউতি। উল্লেখ্য দৰাচলতে এয়া আছিল হাওৰাঘাট শংকৰদেৱ বিদ্যা নিকেতনত বালিকা শিক্ষা আৰু মাতৃ গোটৰ দ্বাৰা আয়োজিত “ভোগালী মেলা”ৰ দৃশ্য। বুধবাৰে এইদৰেই শিক্ষাৰ্থীসকলক ব্যৱহাৰিক শিক্ষাৰ জ্ঞান দিয়াৰ উদ্দেশ্য আয়োজন কৰা হয় এক ব্যতিক্ৰমী অনুষ্ঠানৰ। অৰ্ধ শতাধিক চৌকাত প্ৰস্তুত কৰা বিবিধ পিঠা পনাৰে এওঁলোকে সৰস্বতী পূজা আৰু গণৰাজ্য দিৱসৰ অতিথিসকলক অভ্যৰ্থনা কৰে।নিশ্চিতভাৱে পাঠ্যক্ৰমৰ শিক্ষাৰ উপৰিও এনেধৰণৰ ব্যতিক্ৰমী প্ৰয়াস সকলোৰে বাবে আদৰণীয়।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.