সৰভোগত নিমিলা অংক ৰঞ্জিত দাসৰ : ৰাজ্যিক বিজেপিৰ সভাপতিয়ে সমষ্টি সলনি কৰিব নেকি ?

Share This Article

ৰাজ্যৰ ৰাজনীতিৰ বহু ৰথী – মহাৰথীৰ ভৰিৰ তলৰ মাটিত কপঁনি উঠিছে ৷ নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে ভোটৰ অংকও নিমিলা হৈ আহিছে ৷ যাৰ বাবে শাসকীয় দলৰে বহু হেভীৱেট নেতাই বৰ্তমান প্ৰতিনিধিত্ব কৰি থকা সমষ্টি বাদ দি আন সমষ্টি বাছি লোৱাৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছে ৷ আন নালাগে খোদ ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত কুমাৰ দাসৰ সন্মুখৰ পথো এতিয়া ধুৱলী কুঁৱলী হৈ পৰিছে ৷ কোনো ফালৰ পৰাই মিলি অহা নাই তেওঁৰ মসৃণ বিজয়ৰ অংক ৷ যাৰ বাবে খোদ ৰাজ্যিক সভাপতি গৰাকীয়ে সমষ্টি সলনিৰ চিন্তা- চৰ্চা আৰম্ভ কৰা বুলি খবৰ ওলাইছে ৷ বিশেষকৈ কংগ্ৰেছ দলৰ প্ৰস্তাবিত মহাজোঁট আৰু বিপিএফ দলৰে বাঢ়ি অহা সংঘাতে ৰঞ্জিত দাসৰ ৰাজনৈতিক অংকত আউল লগাইছে ৷ বিগত ২০১৬ চনৰ বিধানসভা নিৰ্বাচনৰ পৰিসংখ্যাসমূহ বিশ্লেষণ কৰি চালেই ৰাজ্যিক বিজেপিৰ সভাপতিগৰাকীৰ দু:শ্চিন্তাৰ কাৰণসমূহ স্পষ্ট হৈ পৰে ৷ উল্লেখ্য যে , বিগত বিধানসভা নিৰ্বাচনত সৰভোগ সমষ্টিৰ পৰা প্ৰতিনিধিত্ব কৰি ৰঞ্জিত কুমাৰ দাসে ১৯,৪৯৭ টা ভোটৰ ব্যৱধানত জয়লাভ কৰিবলৈ সক্ষম হৈছিল ৷ বিজেপি দলৰ প্ৰাৰ্থী ৰঞ্জিত কুমাৰ দাসে ২০১৬ চনৰ নিৰ্বাচনত ৫৬,৪১২ টা ভোট লাভ কৰাৰ বিপৰীতে তেওঁৰ নিকটতম প্ৰতিদ্বন্দী কংগ্ৰেছ প্ৰাৰ্থী অনুৰূপা হান্নানে ৩৬,৯১৫ টা ভোট লাভ কৰিছিল ৷ আনহাতে , চি পি আই (এম) দলৰ মনোৰঞ্জন তালুকদাৰে ২৯,০২৬ টা আৰু এ আই ইউ ডি এফৰ ছামছুল হকে ১৭,৫০৪ টা ভোট লাভ কৰিছিল ৷ উক্ত নিৰ্বাচনত বিজেপিৰ সপক্ষে ৰাজ্যযোৰা ঢৌ থকাৰ লগতে বিপিএফ আৰু অগপৰো মুকলি সমৰ্থন ৰঞ্জিত দাসৰ লগত আছিল ৷ কিন্তু এইবাৰ প্ৰেক্ষাপট লাহে লাহে সলনি হ’বলৈ আৰম্ভ কৰিছে ৷ কংগ্ৰেছ দলে এক বিজেপি বিৰোধী মহাজোঁটৰ প্ৰস্তাব লৈ বিভিন্ন বিৰোধী দলৰ সৈতে আলোচনা আৰম্ভ কৰিছে ৷ এনে প্ৰেক্ষাপটত কংগ্ৰেছ- এ আই ইউ ডি এফ আৰু চিপিআই (এম) এক বুজাপৰালৈ অহাৰ সম্ভাৱনাও ক্ৰমাৎ উজ্জ্বল হৈ পৰিছে ৷ যদিহে তিনিওটা দলৰ মাজত বুজাপৰা হৈ উঠে ,তেনেহ’লে বাওপন্থীৰ পুৰণি দুৰ্গ হিচাপে চি পি আই (এম) কে সমষ্টিটো এৰি দিয়াৰ সম্ভাৱনা অধিক ৷ তেনে এক পৰিস্থিতিত ৰঞ্জিত কুমাৰ দাসৰ পোনপটীয়া প্ৰতিদ্বন্দিতা হ’ব চিপিআাই(এম) প্ৰাৰ্থী মনোৰঞ্জন তালুকদাৰৰ লগত ৷ এতিয়া যদি ২০১৬ চনৰ বিধানসভা নিৰ্বাচনৰ ফলাফললৈ লক্ষ্য কৰা যায় ,তেনেহ’লে যোৱাবাৰ সৰভোগত কংগ্ৰেছ , চিপি আই (এম) আৰু এ আই ইউ ডি এফ দলে লাভ কৰা মুঠ ভোটৰ সংখ্যা হ’ল ৮৩,৪৪৫ ৷ যিটো ৰঞ্জিত দাসে লাভ কৰা ভোটতকৈ বহু বেছি ৷ অৰ্থাৎ ২০১৬ চনত বিজেপিৰ সপক্ষে একপক্ষীয় ঢৌ থকাৰ পাছতো প্ৰধান তিনিটা প্ৰতিপক্ষই সন্মিলিতভাৱে ৰঞ্জিত দাসতকৈ ২৭,০৩৩ টা ভোট বেছিকৈ লাভ কৰিছে ৷ এইবাৰ যদিহে তিনিওটা দলে সৰভোগত উমৈহতীয়া প্ৰাৰ্থী প্ৰক্ষেপ কৰে তেনেহ’লে ৰঞ্জিত দাসৰ বিজয়ৰ পথ একপ্ৰকাৰ ৰুদ্ধ হৈ পৰাটো নিশ্চিত ৷ তদুপৰি সৰভোগত যথেষ্ট সংখ্যক বড়ো ভোটাৰো আছে ৷ কিন্তু বি পি এফৰ লগত ৰঞ্জিত দাসৰ শেহতীয়া সম্পৰ্ক তিক্ততাপূৰ্ণ হৈ পৰিছে ৷ গতিকে বড়ো ভোটাৰো এইবাৰ আগৰ দৰে তেওঁৰ লগত নাথাকে ৷ এনে পৰিস্থিতিত কোনো ফালৰ পৰাই মিলি অহা নাই ৰঞ্জিত দাসৰ ভোটৰ অংক ৷ স্বাভাৱিকতে চিন্তিত হৈ পৰা ৰাজ্যিক বিজেপিৰ মুৰব্বী গৰাকীয়ে সমষ্টি সলনিৰ চিন্তা আৰম্ভ কৰিছে বুলি ভিন্ন মহলত খবৰ ওলাইছে ৷ কিন্তু তেওঁৰ নিকটৱৰ্তী ভবানীপুৰো কোনোপধ্যে নিষ্কন্টক সমষ্টি নহয় ৷ শেষ মুহূৰ্তত ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত কুমাৰ দাসে নিজৰ বাবে পাটাছাৰকুছি সমষ্টি বাছি ল’ব পাৰে ৷ দলটোৰে এক ভিতৰুৱা সূত্ৰই এই কথা সদৰী কৰিছে ৷

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.