সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

সৰভোগত নিমিলা অংক ৰঞ্জিত দাসৰ : ৰাজ্যিক বিজেপিৰ সভাপতিয়ে সমষ্টি সলনি কৰিব নেকি ?

ৰাজ্যৰ ৰাজনীতিৰ বহু ৰথী – মহাৰথীৰ ভৰিৰ তলৰ মাটিত কপঁনি উঠিছে ৷ নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে ভোটৰ অংকও নিমিলা হৈ আহিছে ৷ যাৰ বাবে শাসকীয় দলৰে বহু হেভীৱেট নেতাই বৰ্তমান প্ৰতিনিধিত্ব কৰি থকা সমষ্টি বাদ দি আন সমষ্টি বাছি লোৱাৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছে ৷ আন নালাগে খোদ ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত কুমাৰ দাসৰ সন্মুখৰ পথো এতিয়া ধুৱলী কুঁৱলী হৈ পৰিছে ৷ কোনো ফালৰ পৰাই মিলি অহা নাই তেওঁৰ মসৃণ বিজয়ৰ অংক ৷ যাৰ বাবে খোদ ৰাজ্যিক সভাপতি গৰাকীয়ে সমষ্টি সলনিৰ চিন্তা- চৰ্চা আৰম্ভ কৰা বুলি খবৰ ওলাইছে ৷ বিশেষকৈ কংগ্ৰেছ দলৰ প্ৰস্তাবিত মহাজোঁট আৰু বিপিএফ দলৰে বাঢ়ি অহা সংঘাতে ৰঞ্জিত দাসৰ ৰাজনৈতিক অংকত আউল লগাইছে ৷ বিগত ২০১৬ চনৰ বিধানসভা নিৰ্বাচনৰ পৰিসংখ্যাসমূহ বিশ্লেষণ কৰি চালেই ৰাজ্যিক বিজেপিৰ সভাপতিগৰাকীৰ দু:শ্চিন্তাৰ কাৰণসমূহ স্পষ্ট হৈ পৰে ৷ উল্লেখ্য যে , বিগত বিধানসভা নিৰ্বাচনত সৰভোগ সমষ্টিৰ পৰা প্ৰতিনিধিত্ব কৰি ৰঞ্জিত কুমাৰ দাসে ১৯,৪৯৭ টা ভোটৰ ব্যৱধানত জয়লাভ কৰিবলৈ সক্ষম হৈছিল ৷ বিজেপি দলৰ প্ৰাৰ্থী ৰঞ্জিত কুমাৰ দাসে ২০১৬ চনৰ নিৰ্বাচনত ৫৬,৪১২ টা ভোট লাভ কৰাৰ বিপৰীতে তেওঁৰ নিকটতম প্ৰতিদ্বন্দী কংগ্ৰেছ প্ৰাৰ্থী অনুৰূপা হান্নানে ৩৬,৯১৫ টা ভোট লাভ কৰিছিল ৷ আনহাতে , চি পি আই (এম) দলৰ মনোৰঞ্জন তালুকদাৰে ২৯,০২৬ টা আৰু এ আই ইউ ডি এফৰ ছামছুল হকে ১৭,৫০৪ টা ভোট লাভ কৰিছিল ৷ উক্ত নিৰ্বাচনত বিজেপিৰ সপক্ষে ৰাজ্যযোৰা ঢৌ থকাৰ লগতে বিপিএফ আৰু অগপৰো মুকলি সমৰ্থন ৰঞ্জিত দাসৰ লগত আছিল ৷ কিন্তু এইবাৰ প্ৰেক্ষাপট লাহে লাহে সলনি হ’বলৈ আৰম্ভ কৰিছে ৷ কংগ্ৰেছ দলে এক বিজেপি বিৰোধী মহাজোঁটৰ প্ৰস্তাব লৈ বিভিন্ন বিৰোধী দলৰ সৈতে আলোচনা আৰম্ভ কৰিছে ৷ এনে প্ৰেক্ষাপটত কংগ্ৰেছ- এ আই ইউ ডি এফ আৰু চিপিআই (এম) এক বুজাপৰালৈ অহাৰ সম্ভাৱনাও ক্ৰমাৎ উজ্জ্বল হৈ পৰিছে ৷ যদিহে তিনিওটা দলৰ মাজত বুজাপৰা হৈ উঠে ,তেনেহ’লে বাওপন্থীৰ পুৰণি দুৰ্গ হিচাপে চি পি আই (এম) কে সমষ্টিটো এৰি দিয়াৰ সম্ভাৱনা অধিক ৷ তেনে এক পৰিস্থিতিত ৰঞ্জিত কুমাৰ দাসৰ পোনপটীয়া প্ৰতিদ্বন্দিতা হ’ব চিপিআাই(এম) প্ৰাৰ্থী মনোৰঞ্জন তালুকদাৰৰ লগত ৷ এতিয়া যদি ২০১৬ চনৰ বিধানসভা নিৰ্বাচনৰ ফলাফললৈ লক্ষ্য কৰা যায় ,তেনেহ’লে যোৱাবাৰ সৰভোগত কংগ্ৰেছ , চিপি আই (এম) আৰু এ আই ইউ ডি এফ দলে লাভ কৰা মুঠ ভোটৰ সংখ্যা হ’ল ৮৩,৪৪৫ ৷ যিটো ৰঞ্জিত দাসে লাভ কৰা ভোটতকৈ বহু বেছি ৷ অৰ্থাৎ ২০১৬ চনত বিজেপিৰ সপক্ষে একপক্ষীয় ঢৌ থকাৰ পাছতো প্ৰধান তিনিটা প্ৰতিপক্ষই সন্মিলিতভাৱে ৰঞ্জিত দাসতকৈ ২৭,০৩৩ টা ভোট বেছিকৈ লাভ কৰিছে ৷ এইবাৰ যদিহে তিনিওটা দলে সৰভোগত উমৈহতীয়া প্ৰাৰ্থী প্ৰক্ষেপ কৰে তেনেহ’লে ৰঞ্জিত দাসৰ বিজয়ৰ পথ একপ্ৰকাৰ ৰুদ্ধ হৈ পৰাটো নিশ্চিত ৷ তদুপৰি সৰভোগত যথেষ্ট সংখ্যক বড়ো ভোটাৰো আছে ৷ কিন্তু বি পি এফৰ লগত ৰঞ্জিত দাসৰ শেহতীয়া সম্পৰ্ক তিক্ততাপূৰ্ণ হৈ পৰিছে ৷ গতিকে বড়ো ভোটাৰো এইবাৰ আগৰ দৰে তেওঁৰ লগত নাথাকে ৷ এনে পৰিস্থিতিত কোনো ফালৰ পৰাই মিলি অহা নাই ৰঞ্জিত দাসৰ ভোটৰ অংক ৷ স্বাভাৱিকতে চিন্তিত হৈ পৰা ৰাজ্যিক বিজেপিৰ মুৰব্বী গৰাকীয়ে সমষ্টি সলনিৰ চিন্তা আৰম্ভ কৰিছে বুলি ভিন্ন মহলত খবৰ ওলাইছে ৷ কিন্তু তেওঁৰ নিকটৱৰ্তী ভবানীপুৰো কোনোপধ্যে নিষ্কন্টক সমষ্টি নহয় ৷ শেষ মুহূৰ্তত ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত কুমাৰ দাসে নিজৰ বাবে পাটাছাৰকুছি সমষ্টি বাছি ল’ব পাৰে ৷ দলটোৰে এক ভিতৰুৱা সূত্ৰই এই কথা সদৰী কৰিছে ৷

Leave A Reply

Your email address will not be published.