সুশান্ত সিং ৰাজপুতৰ মৃত্যুৰ তদন্ত CBI ক কৰিবলৈ নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ

Share This Article

অভিনেতা সুশান্ত সিং ৰাজপুৰত মৃত্যুৰ গোচৰক লৈ উচ্চতম ন্যায়ালয়ে আজি শুনানি গ্ৰহণ কৰি কয় যে এই গোচৰৰ তদন্ত চিবিআয়ে কৰিব। সুশান্তৰ প্ৰেমিকা আৰু এই গোচৰত সাঙোৰ খাই পৰা ৰিয়া চক্ৰৱৰ্তীয়ে নিজৰ বিৰুদ্ধে পাটনাত দাখিল কৰা এফ আই আৰ মুম্বাইলৈ ট্ৰান্সফাৰ কৰাৰ বাবে আবেদন কৰিছিল।

এই আবেদন ন্যায়ালয়ে খাৰিজ কৰে আৰু গোচৰৰ তদন্তৰ ভাৰ চিবিআইক অৰ্পণ কৰে।উচ্চতম ন্যায়ালয়ে নিজৰ সিদ্ধান্ত সদৰি কৰি কয় যে পাটনাত যি এফ আই আৰ দাখিল কৰা হৈছে সেয়া আইনসন্মত।

গতিকে নীতিশ চৰকাৰে এই গোচৰৰ যি চিবিআই তদন্ত বিচাৰিছিল সেয়া সঠিক আছিল। মহামান্য উচ্চতম ন্যায়ালয়ৰ এই সিদ্ধান্তক সুশান্ত সিং ৰাজপুতৰ পৰিয়ালৰ লোকেও আদৰণি জনাইছে।

featured photo courtesy: The Print

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.