সীমা সমস্যাক লৈ বৈঠক

Share This Article

সীমা সমস্যাক লৈ বৈঠক

চুবুৰীয়া ৰাজ্য অৰুণাচল আৰু অসমৰ সীমা বিবাদক কেন্দ্ৰ কৰি বছৰ বছৰ ধৰি দুয়োখন ৰাজ্যৰ মাজত সংঘাত সৃষ্টি হৈ অহাৰ সময়তে ডিব্ৰুগড়ত আজি অনুষ্ঠিত হয় এখন গুৰুত্বপূৰ্ণ বৈঠক। অৰুণাচলৰ মন্ত্ৰী ৱাংকী ল’ৱাং, বিধায়ক ৱাংলিং লৱাং ডং সহ অসমৰ সীমান্ত সুৰক্ষা আৰু উন্নয়ন মন্ত্ৰী অতুল বৰা বিধায়ক তৰংগ গগৈ সহ অৰুণাচল আৰু ডিব্ৰুগড়ৰ ৰাজহ বিভাগৰ বিষয়ববীয়া উপস্থিতিত অনুষ্ঠিত হয় এক ৰুদ্ধদ্বাৰ বৈঠক৷ অসমৰ নাহৰকটীয়া অঞ্চলৰ সীমামুৰীয়া তথা বিবদমান অঞ্চল পণ্টন বস্তি, নামচাং চাহ বাগিচাক লৈ দীৰ্ঘদিন ধৰি সীমাবিবাদৰ সৃষ্টি হৈ আহিছিল দুয়োখন ৰাজ্যৰ জনতাৰ মাজত৷ উল্লেখ্য যে ১৫ জুলাইত অৰুণাচল প্ৰদেশৰ নামচাইত মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মা আৰু অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডুৰ মাজত স্বাক্ষৰিত ঐতিহাসিক নামচাই ঘোষণাপত্ৰৰ পাছত ২২ আগষ্টত অৰুণাচল প্ৰদেশৰ উপ মুখ্যমন্ত্ৰী চৌনা মেইন আৰু অতুল বৰা নামচাইত মিলিত হৈ দুয়োখন ৰাজ্যৰ সীমা বিবাদ সম্পৰ্কীয় এক আলোচনাত মিলিত হৈছিল।ইয়াৰ পূৰ্বে অৰুণাচল প্ৰদেশৰ উপ-মুখ্যমন্ত্ৰী চনা মেইন আৰু মন্ত্ৰী অতুল বৰাৰ নেতৃত্বত গঠিত দুয়োখন ৰাজ্যৰ আঞ্চলিক সমিতি দুখনৰ সদস্যসকলে অসম অৰুণাচল সীমান্তৰ বিবদমান অঞ্চলসমূহ ভ্ৰমণ কৰিছিল। বৈঠকৰ অন্তত দুয়োখন গাঁৱৰ দীঘলীয়া বিবাদ অতি শীঘ্ৰে সমাধান হব বুলি মন্তব্য প্ৰদান কৰে দুয়োখন ৰাজ্যৰ প্ৰতিনিধিয়ে ।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.