সীমান্তত হ’ল নতুন থানা

Share This Article

হাইলাকান্দিৰ অসম মিজোৰাম সীমান্তত নিৰ্মাণ কৰা হ’ল এখন নতুন আৰক্ষী থানা।হাইলাকান্দি জিলাত স্থাপন কৰা হৈছে এখন নতুন আৰক্ষী থানা।জিলাখনৰ সদায় বিবাদ চলি থকা অসম মিজোৰাম সীমান্তৰ বিলাইপুৰত স্থাপন কৰা হৈছে এই থানাখন । ইয়াৰ আগতে ২০১০ চনতে লালা থানাৰ অধীনত বিলাইপুৰত এটা আউট পোষ্ট স্থাপন কৰা হৈছিল আৰু আজি প্ৰায় ১২ বছৰ পিছতে এই আউট পোষ্টখনক থানালৈ ৰূপান্তৰ কৰা হয়।আজি পুৱা এক অনুষ্ঠানৰ যোগেদি এই নবনিৰ্মিত থানাখনৰ দ্বাৰ উদ্ঘাটন কৰে অসম আৰক্ষীৰ দক্ষিন অসম প্ৰান্তৰ ডিআইজি কঙ্কনজ্যোতি শইকীয়াই।লগতে উপস্থিত থাকে হাইলাকান্দিৰ আৰক্ষী অধীক্ষক নবনীত মহন্ত আৰু স্থানীয় বিধায়ক সুজাম উদ্দিন লস্কৰ।ইপিনে, এই থানাখনৰ বাবে এই বৃহৎ এলেকাৰ ৰাইজ সুৰক্ষিত থাকিব বুলি মন্তব্য কৰি মুখ্যমন্ত্ৰীক ইয়াৰ বাবে ধন্যবাদ জ্ঞাপন কৰিছে বিধায়ক সুজাম উদ্দিন লস্কৰে।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.