সাৱধান !ধ্বংসৰ মুখলৈ পৃথিৱী !

Share This Article

পৃথিৱীত প্ৰচণ্ড জোৰত খুন্দা মাৰিবলৈ আহি আছে প্লেনেট কিলাৰ! পৃথিৱীৰ দিশে আহি আছে এক প্ৰকাণ্ড উল্কাপিণ্ড! প্ৰচণ্ড বেগত পৃথিৱীত খুন্দা মাৰিব এই প্লেনেট কিলাৰে! হিৰোচিমাত ঘটা বিস্ফোৰণকৈও ৩৬ গুণ ভয়ংকৰ হ’ব উল্কাপিণ্ডটোৰ খুন্দা! পৃথিৱীক এক প্ৰচণ্ড খুন্দা মাৰিবলৈয়ে যেন পৃথিৱীৰ দিশে আহি আছে এক প্ৰকাণ্ড উল্কাপিণ্ড। প্ৰতিদিনে প্ৰচণ্ড শক্তিৰে গতি কৰি থকা উল্কাপিণ্ডটোৰ নাম দিয়া হৈছে প্লেনেট কিলাৰ। এই উল্কাপিণ্ডটো ইমানেই ভয়ংকৰ যে তাৰ খুন্দাত ধ্বংস হৈ পৰিব পাৰে পৃথিৱী। পৃথিৱীৰ পৰা শেষ হৈ যাব পাৰে জীৱ সভ্যতা। মহাকাশ বিজ্ঞানীৰ এক পৰ্যবেক্ষণত ধৰা পৰা অনুসৰি উল্কাপিণ্ডটো বৰ্তমান সূৰ্যৰ ঠিক পিছপিনে অৱস্থান গ্ৰহণ কৰি আছে। বিগত ৮ টা বছৰৰ ভিতৰত ধৰা পৰা উল্কাপিণ্ডসমূহৰ ভিতৰত প্লেনেট কিলাৰ আটাইতকৈ বৃহৎ আকাৰৰ আৰু বিপদজনক বুলি ধাৰণা কৰা হৈছে আৰু ঠিক সেইবাবেই এই উল্কাপিণ্ডটোক প্লেনেট কিলাৰ অৰ্থাৎ গ্ৰহসমূহৰ হত্যাকাৰী উল্কাপিণ্ড বুলি আখ্যা দিয়া হৈছে। প্লেনেট কিলাৰ নামৰ এই ভয়াৱহ উল্কাপিণ্ডটোৰ বৈজ্ঞানিক নামাকৰণ কৰা হৈছে 2022 AP7 বুলি। প্ৰতিটো উল্কাপিণ্ড পৃথিৱীৰ বাবে ভয়াৱহ নহয় যদিও বিশ্বৰ বিভিন্ন দেশৰ মহাকাশ বিজ্ঞানীয়ে সূৰ্যৰ পিছপিনে অৱস্থান কৰি থকা এই ভয়াৱহ উল্কাপিণ্ডটো আৱিষ্কাৰ কৰে। এই উল্কাপিণ্ডটো সূৰ্যৰ ৰঙীন আৰু ৰশ্মিৰে চিকমিকাই থকা ঠাইত অৱস্থান কৰি থকা বাবেই ইয়াৰ আৱিষ্কাৰ সম্ভৱ হোৱা নাছিল ।লেটিন আমেৰিকান দেশ চিলিৰ ভিক্টৰ এম Blanco টেলিস্কোপৰ জৰিয়তে অন্ধকাৰ সৌৰজগতৰ অধ্যয়নৰ বাবে ব্যৱহৃত উচ্চক্ষমতাসম্পূৰ্ণ আৰু অত্যাধুনিক ইকৱিপমেণ্টৰ জৰিয়তে প্লেনেট কিলাৰ ভয়াৱহ উল্কাপিণ্ডটোৰ অৱস্থিতিৰ কথা উমান পোৱা যায়। এই উল্কাপিণ্ডটোৰ অৱস্থান সঠিক ৰূপত আৱিস্কাৰ কৰিবলৈ বৈজ্ঞানিকসকলে সূৰ্যাস্তৰ সময়ত প্ৰতিদিনে মাথোঁ ২ৰ পৰা ১০ মিনিট সময়হে লাভ কৰিছিল। আমেৰিকাৰ অন্যতম গৱেষণা প্ৰতিষ্ঠান NOIR Labএ কয় যে বিগত ৮ টা বছৰত আৱিস্কাৰ হোৱা উল্কাপিণ্ডসমূহৰ ভিতৰত এই উল্কাপিণ্ডটো আটাইতকৈ ভয়াৱহ আৰু বিপদজনক। ৩১ অক্টোবৰত ৰিচাৰ্ছ দ্য এষ্টৰ’ন’মিকেল জাৰ্নেলত প্ৰকাশ পাইছে পৃথিৱীৰ দিশে আহি থকা এই ভয়াবহ উল্কাপিণ্ডটোৰ কথা।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.