সাংবাদিকলৈ ফেল’শ্বিপ ঘোষণা

Share This Article

দ্য নেচনেল ফাউণ্ডেচন ফৰ ইণ্ডিয়া চমুকৈ এন এফ আইৰ মিডিয়া ফেল’শ্বিপ কাৰ্যসূচীৰ অন্তৰ্গত স্বতন্ত্ৰ [ইণ্ডিপেণ্ডেণ্ট] সাংবাদিকৰ বাবে আগবঢ়োৱা ষষ্ঠ লানি মিডিয়া ফেল’শ্বিপৰ বাবে আবেদন প্ৰক্ৰিয়া আৰম্ভ হৈছে। ‘অসম বাণী’ কাকতৰ সৈতে যুটীয়া সহযোগিতাত, অসমীয়া ভাষাত সাংবাদিকতা কৰা ১০গৰাকী সাংবাদিকলৈ এইবাৰৰ এই ফেল’শ্বিপ আগবঢ়োৱা হ’ব।ফেল’শ্বিপৰ বাবে আবেদনৰ অন্তিম তাৰিখ ১৯ মাৰ্চ, ২০২৩ ৰ মাজনিশা পৰ্যন্ত। ফেল’শ্বিপৰ বাবে নিৰ্বাচিত প্ৰতিগৰাকী সাংবাদিকলৈ আগবঢ়োৱা হ’ব ৩০ হাজাৰকৈ টকা। এই ফেল’শ্বিপৰ অন্তৰ্গত, নিৰ্বাচিত সাংবাদিকসকলে প্ৰকাশ কৰিবলগীয়া প্ৰতিবেদনসমূহ জনস্বাৰ্থৰ সৈতে জড়িত বিভিন্ন বিষয়বস্তুৰ ওপৰত হ’ব লাগিব।প্ৰতিবেদন হ’ব লাগিব বিস্তৃত তথা বিতং তথ্যসমৃদ্ধ৷ প্ৰতিবেদন ৮০০ শব্দৰ পৰা ১২০০ শব্দৰ ভিতৰত সীমাবদ্ধ থাকিব লাগিব।বিষয়ৰ অনুসন্ধান-অধ্যয়ন আৰম্ভ কৰাৰ এমাহৰ ভিতৰত প্ৰতিবেদন দাখিল কৰিব লাগিব। প্ৰয়োজন সাপেক্ষে ‘এন এফ আই’-এ ফেল’শ্বিপ লাভ কৰোতাসকলক প্ৰতিবেদন প্ৰস্তুতৰ ক্ষেত্ৰত যাৱতীয় প্ৰমাণপত্ৰ তথা সহায়ৰ বাবে ‘মেণ্টৰ’ৰ ব্যৱস্থা কৰিব৷ এই ক্ষেত্ৰত এগৰাকী জ্যেষ্ঠ সাংবাদিকেৰে যোগাযোগ কৰি দিব এন এফ আই-এ।ফেল’ বাছনিৰ ক্ষেত্ৰত এন এফ আইৰ দ্বাৰা নিযুক্ত বিশিষ্ট সাংবাদিকৰ জুৰি ব’ৰ্ডে আবেদনকাৰীসকলৰ মাজৰ পৰা তেওঁলোকৰ আবেদনপত্ৰৰ যোগ্যতাৰ ভিত্তিত প্ৰাৰ্থী নিৰ্বাচন কৰিব৷ ফেল’ বাছনিৰ ক্ষেত্ৰত পিছপৰা, অনগ্ৰসৰ অঞ্চলৰ সাংবাদিকক অগ্ৰাধিকাৰ দিয়া হ’ব বুলি এন এফ আইৰ তৰফৰ পৰা জনোৱা হৈছে।ফেল’শ্বিপ সন্দৰ্ভত বিতংকৈ জানিবলৈ এন এফ আইৰ ৱেবছাইট– https//nfi.org.in/fellowships চাবলৈ অনুৰোধ জনোৱা হ’ল।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.