‘তুমি আহিবা বুলি বাৰে বাৰে মই’ৰ স্ৰষ্টাৰ ঔষধ ক্ৰয়ৰ বাবে নাই ধন

Share This Article

গীতিকাৰ সূৰ্য কুমাৰ ৰাজাৰ খবৰ ৰাখিছেনে ? সুৰসূৰ্য উপাধিৰে বিভূষিত নগঞা গীতিকাৰ গৰাকীৰ এতিয়া খবৰ ৰাখোঁতা কোনো নাই । ৰজাঘৰ-প্ৰজাঘৰ সকলোৱেই পাহৰিলে চাৰিশৰো অধিক অসমীয়া কালজয়ী গীতৰ স্ৰষ্টা গৰাকীক । ১৯৫৩ চনত নগাঁও জিলাৰ ৰাইদঙ্গীয়াৰ ৰজাগাঁৱত জন্মগ্ৰহণ কৰা গীতিকাৰ তথা সংগীত প্ৰযোজক গৰাকীয়ে “কিনো মায়াৰে মোক”, “তুমি আহিবা বুলি”, “অহাৰ দৰে উভতি আঁতৰি গ’লা”, “অ’ চেনাই শুনিছ নে নাই”, “মেলি দিলো দুয়ো হাত” আদিকে ধৰি আদিকে ধৰি ৰচনা কৰিছিল ইটোৰ পিছত সিটোকৈ জনপ্ৰিয় গীত । অসমৰ উপৰিও কলিকতাতো সংগীতৰ প্ৰযোজক হিচাপে খ্যাতি অৰ্জন কৰা সূৰ্য ৰাজা এতিয়া অসুস্থ । নগাঁও চহৰৰ বৈদ্যটূপৰ এটা ভাড়াঘৰত পত্নী-পুত্ৰৰ সৈতে নিৰলে কটাইছে জীৱন । বিভিন্ন সমস্যাৰে জৰ্জৰিত গীতিকাৰ গৰাকীৰ এতিয়া ঔষধ ক্ৰয় কৰিবলৈকো অৰ্থৰ অভাৱ । সংগীতৰ বাবেই শিক্ষকতা বৃত্তি ত্যাগ কৰা গীতিকাৰ গৰাকীয়ে বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানৰ পৰা সম্বৰ্ধনা লাভ কৰিছে যদিও লাভ কৰা নাই চৰকাৰী চিকিৎসা সাহাৰ্য । সেয়ে দুখীয়া-ৰুগীয়া শিল্পীসকলক চিকিৎসা সাহাৰ্য প্ৰদান কৰিবলৈ সংবাদ মাধ্যমৰ জৰিয়তে চৰকাৰী পক্ষক আহ্বান জনালে বৰ্ষীয়ান শিল্পী গৰাকীয়ে।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.