নিৰুদ্দেশ’ কেন্দ্ৰীয় মন্ত্ৰী বিজেপিৰ কব্জাত !

Share This Article

সোমবাৰৰ পৰা ‘নিৰুদ্দেশ’ হৈ থকা তৃণমূল কংগ্ৰেছৰ নেতা মুকুল ৰয়ৰ সন্ধান ওলাল দিল্লীত !কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহক সাক্ষাতৰ বাবে দিল্লীত বাহৰ পাতিছে প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী মুকুল ৰয়ে।তেওঁৰ পৰিয়ালৰ ফালৰ পৰা তেওঁ ‘সন্ধানহীন’ বুলি জনোৱা হৈছিল।
কিন্তু সকলোকে হতচকিত কৰি মঙলবাৰে আবেলি এক বঙালী নিউজ চেনেলত দিয়া সাক্ষাৎকাৰত তেওঁ কয় ‘ মই এগৰাকী বিজেপিৰ বিধায়ক !মই বিজেপিৰ লগত থাকিব বিচাৰোঁ৷দলটোৱে মোক ইয়াত থকাৰ ব্যৱস্থা কৰি দিছে৷মই অমিত শ্বাহক সাক্ষাৎ কৰিব বিচাৰিছোঁ।লগতে মই দলৰ সভাপতি জে পি নাড্ডাকো সাক্ষাৎ কৰিম।’প্ৰাক্তন কেন্দ্ৰীয় ৰে’ল মন্ত্ৰী মুকুল ৰয় আছিল তৃণমূল কংগ্ৰেছৰ অন্যতম প্ৰতিষ্ঠাপক সদস্য।তেওঁ ২০১৭ চনত তৃণমূল এৰি বিজেপিত যোগদান কৰিছিল৷২০২১ চনত তেওঁ বিজেপিৰ প্ৰাৰ্থী হিচাপে নিৰ্বাচনত অৱতীৰ্ণ হৈ জয়ী হৈ আহিছিল৷বিজয়ী হোৱাৰ পিছত তেওঁ বিধায়ক পদ ত্যাগ নকৰাকৈ তৃণমূলত যোগদান কৰে।ৰয়ে পুনৰ কয় যে তেওঁ কিছুদিন ধৰি সুস্থ নাছিল।সেয়ে ৰাজনীতিৰ পৰা আঁতৰি আছিল।এতিয়া তেওঁ সম্পূৰ্ণ সুস্থ।সেয়ে তেওঁ এতিয়া ৰাজনীতিত সক্ৰিয় হ’ব।বিজেপিলৈ প্ৰত্যাৱৰ্তন কৰাটো নিশ্চিত কৰে বিধায়ক মুকুল ৰয়ে৷মুকুল ৰয়ে নিজেই নিশ্চিত কৰে প্ৰত্যাৱৰ্তনৰ কথা !

‘মোৰ দেউতা মানসিকভাৱে সুস্থ নহয়’’অসুস্থ লোকৰ লগত ৰাজনীতি কৰাটো অনুচিত’ -এই ভাষ্য তৃণমূল নেতা শুভ্ৰাংশু ৰয়ৰ।মুকুল ৰয়ৰ পুত্ৰ শুভ্ৰাংশু ৰয়ৰ মতে তেওঁৰ পিতৃৰ ‘মগজুৰ অস্ত্ৰোপচাৰ ‘ হৈছে।তেওঁ ঘৰৰ পৰিয়ালৰ সদস্যকে ভালকৈ চিনি পাব পৰা অৱস্থাত নাই।শুভ্ৰাংশুৱে লগতে দাবী কৰে যে তেওঁৰ পিতৃ যে দিল্লী গৈছে সেই বিষয়ে কোনো তথ্য নাছিল ।তেওঁ ইতিমধ্যে তেওঁৰ পিতৃৰ নিৰুদ্দেশ সম্পৰ্কত থানাত অভিযোগো দিছিল।মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে তেওঁক তেওঁৰ পিতৃৰ স্বাস্থ্য সম্পৰ্কে খা খবৰ লোৱা বুলিও জনায়।
আনহাতে,জ্যেষ্ঠ বিজেপি নেতা শুভেন্দু অধিকাৰীয়ে কয় যে গেৰুৱা শিবিৰে কোনো কাৰণতে ‘ৰয়ক দলত পুনৰ অন্তৰ্ভুক্ত কৰাত আগ্ৰহী নহয়।’পশ্চিম বংগৰ সংসদীয় পৰিক্ৰমা বিভাগৰ মন্ত্ৰী শোভানদেৱ ছেটাৰ্জীয়ে মুকুল ৰয় সম্পৰ্কত কয় ‘ মই বিগত কেইবা দশক ধৰি মুকুল ৰয়ক জানো।তেওঁ ইমানেই অসুস্থ যে তেওঁ কাকো চিনি নাপায় আৰু নিজাকৈ এটা বাক্যও শুদ্ধকৈ ক’ব নোৱাৰে৷এতিয়া এনেকুৱা এগৰাকী অসুস্থ ব্যক্তিক লৈ বিজেপিয়ে ৰাজনীতি কৰাটো একেবাৰে গ্ৰহণযোগ্য নহয়!’মমতা বেনাৰ্জীৰ তৃণমূল কংগ্ৰেছত ভাঙোন অনাৰ ক্ষেত্ৰত বিজেপিৰ হাতোঁৰাই কি ৰূপ লয়গৈ সেয়াহে হ’ব লক্ষণীয়।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.