লেপটপৰ পৰা অগ্নিকাণ্ড

Share This Article

ইউনাইটেড এয়াৰলাইনছৰ এখন বিমানত সংঘটিত হৈছে এক ভয়ংকৰ ঘটনা।স্থানীয় সময় অনুসৰি পুৱা ৭ বাজি ৩০ মিনিটত সংঘটিত হৈছে এই ঘটনা।ছান ডিয়েগো ইণ্টাৰনেশ্যনেল এয়াৰপৰ্টৰ পৰা যাত্ৰা আৰম্ভ কৰা বিমানখনত এজন যাত্ৰীৰ এটা লেপটপৰ বেটেৰীত জুই লাগে।লগে লগে বিমানখনৰ ভিতৰত শ্বাসপ্ৰশ্বাসজনিত সমস্যাৰ সৃষ্টি হয়৷ফলত বিমানখনৰ ৪ গৰাকী যাত্ৰী গুৰুতৰভাৱে আহত হয়।কেৰলিন লিপিনস্কি নামৰ যাত্ৰীগৰাকীয়ে কয় ‘ বিমানখন উৰাৰ কেইমুৰ্হুতমান পিছতেই এগৰাকী যাত্ৰীৰ বেগৰ পৰা ধোঁৱা নিৰ্গত হয়৷তেওঁ লগে লগে বেগটো দলিয়াই দিয়ে আৰু বিমানৰ ভিতৰত অগ্নিৰ সূত্ৰপাত হয়৷কেবিনৰ ভিতৰটো সম্পূৰ্ণ ধোঁৱাই আৱৰি ধৰে।মই বিৰাট আতংকিত হৈছিলোঁ।’অৱশ্যে বিমান কৰ্তৃপক্ষৰ তাৎক্ষণিক পদক্ষেপৰ বাবে বিমানখনৰ যাত্ৰীসকল সুকলমে উদ্ধাৰ হয় ।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.