যোৰহাটত চিটি বাছ সেৱা আৰম্ভ

Share This Article

নৱবৰ্ষৰ দ্বিতীয় দিনটোতে যোৰহাটলৈ আহিল ভাল খবৰ।যোৰহাটত মুকলি হ’ল ৰাজহুৱা চিটি বাছ সেৱা।মহবন্ধাৰ পৰা চটাই লৈ চলিব এই সেৱা। যোৰহাটলৈ বিভিন্ন প্ৰান্তৰৰ পৰা কামৰ বাবে অহা লোকৰ বাবে এতিয়া যোৰহাট চহৰত কাম কৰাটো সহজ হৈ পৰিল।মেজিক বা এপেৰ তুলনাত কম মূল্য দিয়েই এতিয়া কৰ্মক্ষেত্ৰলৈ যোৱাৰ সুবিধাও লাভ কৰিব কৰ্মচাৰীসকলে।কালি চটাই পৰা মহবন্ধা লৈকে দুখনকৈ চিটি বাছৰ সেৱা আৰম্ভ কৰিছে পৰিবহন বিভাগৰ যোগেদি জিলা প্ৰশাসনে।আই এছ বি টিৰ পৰা চিটি বাছৰ শুভ আৰম্ভণি কৰে বিধায়ক হিতেন্দ্ৰ নাথ গোস্বামী, জিলা উপায়ুক্ত, পৰিবহন বিষয়াই।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.