‘যদু-মধু’ক ‘ফুল’ বনোৱাৰ দিন গ’ল, চৰকাৰেহে বনাই জনতাক ‘যদু-মধু’

Share This Article

মধুলৈ ফোন আহিল, তোৰ ভণ্টি পলাই গ’ল। যদুক শোৱা পাটীতে কোনোবাই আহি ক’লে তোক পুলিছে বিচাৰি আছে, এতিয়াই পলা।এনেকৈ বহুতেই আজি পুৱাৰ ভাগতে বহুত খবৰ পালে। দিন-বাৰ হিচাপ ৰাখিছে যদি সেইসকল স্থিতপ্ৰজ্ঞৰ দৰে নিজৰ কামতে ব্যস্ত থাকিল, মনত নথকাসকলে পুৱাই অযথা টেনচন লৈ ব্লাড প্ৰেছাৰৰ দৰৱ বিচাৰি ফুৰিছে। আচলতে আজি এপ্ৰিল ফুল। নিজে মুৰ্খ নবনিব, বেলেগক বনাওক। পিছে এই কথাষাৰ আমাৰ চৰকাৰে গভীৰভাৱে ল’লে। গভীৰ মানে বহুত গভীৰকৈ ল’লে। তাৰ পিছত কি হ’ল এবাৰ কল্পনা কৰক। সাধাৰণ মানুহে মুৰ্খ বনালে ১০ মিনিটৰ বাবে বনাব। চৰকাৰ বহুত পাৱাৰফুল। চৰকাৰে মুৰ্খ বনালে কিমান বছৰলৈ মুৰ্খ হৈ থাকিব লাগিব তাৰ উমান এটা লওক কেইটামান বাতৰিৰ পৰা।

১. বিদ্যুতৰ ফিক্সড্ ছাৰ্জ বৃদ্ধি
২. টোল গেটৰ টেক্স বৃদ্ধি
৩. দৰৱৰ মূল্য বৃদ্ধি
৪. মাটিৰ খাজনা বৃদ্ধি
৫. পৌৰ কৰ বৃদ্ধি
আপুনি বেছি কথা চিন্তা কৰাৰ আগেয়ে এটা বিধিসন্মত সতৰ্কীকৰণ দিওঁ, এই বাতৰিত উল্লেখ কৰা মূল্যবৃদ্ধিৰ প্ৰতিটো কথাই সত্য।এপ্ৰিল ফুল বুলিয়েই বিদ্যুতৰ ফিক্সড্ ছাৰ্জ বৃদ্ধি, টোল গেটৰ টেক্স বৃদ্ধি, দৰৱৰ মূল্য বৃদ্ধি, ১ কঠা মাটি থাকিলেও এবিঘাৰ খাজনা ভৰাৰ বাতৰি, পৌৰ কৰ বৃদ্ধি আদি বাতৰিবোৰ মিছা বুলি নাভাবিব। ধৰি লওক এইবোৰ ভয়লগা খবৰেৰে আজি আপোনাক চৰকাৰে এপ্ৰিল ফুলৰ শুভেচ্ছা জনাইছে।এতিয়া কিমান বছৰলৈ আপুনি চৰকাৰৰ এপ্ৰিল ফুলৰ বলি হ’ব লাগিব, সেই কথা টোলগেট পাৰ নোহোৱাকৈ ঘৰত বহি লাইট ফেন ইত্যাদি সকলো ইলেক্ট্ৰনিক সামগ্ৰী বন্ধ কৰি ১২ শতাংশ বৰ্ধিত দামৰে দৰৱ কিনিব লগা নহ’বলৈ ঘৰতে থকা মাটি কঠাত ঠেকেৰাৰ খেতি কৰক।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.