Investigative reporting with dedication.

টংলাত বিটিআৰ বঙালী ফেডাৰেশ্যন, টংলা জ্যেষ্ঠ নাগৰিক সন্মিলন আৰু স্থানীয় ৰাইজে সোমবাৰে এক যৌথ সংবাদমেলৰ আয়োজন কৰে।ওদালগুৰি জিলাৰ বৃহত্তৰ টংলা অঞ্চলৰ প্ৰাণকেন্দ্ৰ স্বৰূপ ৩০খন বিছনাযুক্ত টংলা সামূহিক স্বাস্থ্য কেন্দ্ৰটি ৰাইজৰ নেৰা নেপেৰা দাবীত বৰ্তমানৰ মুখ্যমন্ত্ৰীয়ে নিৰ্বাচনৰ সময়ত স্বাস্থ্য কেন্দ্ৰটো ১০০খন বিছনাযুক্ত হস্পিতাললৈ উন্নীতকৰণৰ কথা দিছিল, সেই মৰ্মে প্ৰশাসনিক দিশত কাম কাজ সমূহ চলাই আছিল যদিও এচাম সুবিধাবাদী দুষ্ট চক্ৰই বিভিন্ন অজুহাত দেখুৱাই স্বাস্থ্য কেন্দ্ৰটি উন্নীতকৰণৰ নামত অইন এক স্থানলৈ স্থানান্তৰ কৰিবলৈ উঠি পৰি লাগিছে, তাকে লৈ ১৯ ফেব্ৰুৱাৰীত নিশা বিটিআৰ বঙালী ফেডাৰেশ্যন, টংলা জ্যেষ্ঠ নাগৰিক সন্মিলন আৰু স্থানীয় ৰাইজে যৌথ সংবাদমেল সম্বোধন কৰি টংলা সামূহিক স্বাস্থ্য কেন্দ্ৰৰ স্থানতে ইয়াক উন্নীত কৰাৰ বাবে দাবী জনোৱাৰ লগতে স্বাস্থ্য কেন্দ্ৰ ইয়াৰ পৰা উঠাই নিলে সামাজিক আন্দোলন গঢ়ি তুলিব বুলি সংবাদমেল যোগে হুংকাৰ দিয়ে।




