Investigative reporting with dedication.

নৰেন্দ্ৰ মোডীৰ মন্ত্ৰী সভাৰ সালসলনিৰ দিন চমু চাপি অহাৰ লগে লগে আৰম্ভ হৈছে বহুতো জলপনা কল্পনা।
কিছুদিন পূৰ্বে অসমৰ বিত্ত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নামো নৰেন্দ্ৰ মোদীৰ এই নতুন মন্ত্ৰী সভাত স্থান পাব বুলি চর্চা লাভ কৰিছিল। কিন্তু বিজেপি দলৰ দিল্লীৰ কিছু সূত্ৰই জনোৱা অনুসৰি মোডী মন্ত্ৰীসভাৰ সাল সলনিত হিমন্ত বিশ্ব শৰ্মাই এইবাৰ স্থান নোপোৱাটো প্ৰায় খাটাং।
ইয়াৰ পৰিবৰ্তে এইবাৰ মন্ত্ৰী সভাত পশ্চিমবংগৰ প্ৰায় কেইবাজনো সাংসদে মোডী মন্ত্ৰী সভাত স্থান পাব। ইয়াৰ ভিতৰত হিমন্ত বিশ্ব শৰ্মাৰ প্ৰায় সমসাময়িক ভাবে বিজেপিত যোগদান কৰা তৃণমূল কংগ্ৰেছৰ প্ৰাক্তন নেতা মুকুল ৰয়ক ৰেলৱে মিনিষ্টাৰ হিচাপে মন্ত্ৰীসভাত স্থান পাব বুলি যথেষ্ট চৰ্চিত হৈছে। তেখেতৰ লগতে পশ্চিমবংগৰ আন কেইবাজনো সাংসদে মন্ত্ৰী সভাত স্থান পোৱাৰ সম্ভাৱনা আছে বুলি বিজেপি দলৰ এক সূত্ৰই জনায়।
উল্লেখযোগ্য যে আগন্তক পশ্চিমবংগৰ নিৰ্বাচনক লক্ষ্য কৰি নিৰ্বাচনী ৰণকৌশল হিচাপে ৰাজ্যখনৰ কেইবাজনো সাংসদে মন্ত্ৰী সভাত স্থান পোৱাৰ সম্ভৱনা আছে বুলি ৰাজ্য খনৰ বিজেপি দলৰ লগত ঘনিষ্ঠ এক সূত্ৰই জনাইছে।।
ইয়াৰ সমান্তৰাল ভাৱে চর্চা চলিছে যে মোডী মন্ত্ৰীসভাৰ বৰ্তমানৰ দুজন জ্যেষ্ঠ মন্ত্ৰীৰ নাম নতুন মন্ত্ৰীসভাৰ বাদ পৰিব পাৰে। যদিয়ো এই ক্ষেত্ৰত এই পৰ্যন্ত কোনো স্পষ্টতা নাই। এক সূত্র অনুসৰি বিত্ত মন্ত্ৰী নিৰ্মলা চিতাৰমনৰ স্থান ল’ব পাৰে বৰ্তমানৰ ৰেল মন্ত্ৰী পিয়ুষ গোৱেলে। অন্যহাতেদি এছ জয়শঙ্কৰো বৈদেশিক পৰিক্ৰমা মন্ত্ৰীৰ পদৰ পৰা আঁতৰিব লগীয়া হ’ব পাৰে বুলি বিভিন্ন মহলত চর্চা চলিছে। অৱশ্যে দিল্লীৰ ৰাজনৈতিক মহলত বহুল ভাবে চৰ্চিত হৈ থকা এই জলপনা কল্পনা কিমান দূৰ সঁচা হয় সেইয়া এই মাহৰ ভিতৰতে হ’ব লগা মন্ত্ৰী সভাৰ সাল সলনিৰ চূড়ান্ত তালিকা ৰাজহুৱা হ’লেহে স্পষ্ট হ’ব।



