মোডী চৰকাৰে চৰকাৰী চাকৰি বিলুপ্তি কৰিব বিচাৰিছে নেকি?

Share This Article

নিয়মীয়া চৰকাৰী চাকৰি বিলুপ্তিকৰণৰ প্ৰচেষ্টা কৰিছে নেকি নৰেন্দ্ৰ মোডী চৰকাৰে? শেহতীয়াকৈ কেন্দ্ৰীয় চৰকাৰৰ এক বিশেষ নিৰ্দেশৰ পাছতে এই অভিযোগ উঠিছে নৰেন্দ্ৰ মোডী চৰকাৰৰ বিৰুদ্ধে। জানিব পৰা মতে কেন্দ্ৰীয় চৰকাৰে নিজৰ বিভিন্ন বিভাগক ৩০ বছৰ সময় অতিক্ৰম কৰা কৰ্মচাৰী সকলৰ service ৰেকৰ্ড বিচাৰিছে। ইয়াৰ দ্বাৰা চৰকাৰে অৰ্কমন্য আৰু দুৰ্নীতিগ্ৰস্ত বিষয়া কৰ্মচাৰীক ৰাজহুৱা স্বাৰ্থত আগতীয়াকৈ অৱসৰ প্ৰদান কৰিব।

ইয়াৰ পিছতে এতিয়া গৰজি উঠিছে বিভিন্ন শ্ৰমিক সন্থা। rediff.comৰ এক বাতৰিত চৰকাৰৰ এনে নিৰ্দেশক শ্ৰমিক সন্থা সমূহে চৰকাৰী চাকৰিৰ ব্যক্তিগতকৰণৰ দিশত এখোজ আগবঢ়া বুলি অভিহিত কৰিছে। চৰকাৰী চাকৰিৰ ক্ষেত্ৰতো চাকৰিয়ালৰ জীৱন অনিশ্চয়তাৰ মাজলৈ ঠেলি দিবলৈ কৰা এনে প্ৰচেষ্টাক বহুতেই চৰকাৰে ব্যক্তিগত কোম্পানীৰ দৰে কাম কৰা বুলিও অভিহিত কৰিছে।

উল্লেখযোগ্য যে যদিয়ো এইদৰে অৰ্কমন্যতা আৰু দুৰ্নীতিগ্ৰস্ততাৰ বাবে চৰকাৰী কৰ্মচাৰীক আগতীয়াকৈ অৱসৰ দিয়াৰ নিয়ম Central Civil Service (pension) Rules,1972 ৰ অধীনত আছে , ইয়াক কেতিয়াও কঠোৰ ভাবে প্ৰয়োগ কৰা হোৱা নাই।

Photograph: Athit Perawongmetha/Reuters

Share This Article
The CrossCurrent Bureau
The CrossCurrent Bureau