মে-ডাম-মে-ফীৰ আয়োজন শিৱসাগৰত

Share This Article

অহা ৩১ জানুৱাৰী আৰু এক ফ্ৰেব্ৰুৱাৰীত শিৱসাগৰৰ বৰ্ডিং খেলপথাৰত উদযাপন কৰা হ’ব মে-ডাম-মে ফী।বৃহত্তৰ ৰংপুৰ মে-ডাম-মেফি উদযাপন সমিতিৰ উদ্যোগত উদযাপন কৰিবলগীয়া মে- ডাম- মেফিৰ মূল মণ্ডপৰ শুকুৰবাৰে লাইখুঁটা স্থাপন কৰা হয়।উদযাপন সমিতিৰ মুখ্য সম্পাদক বসন্ত গগৈকে ধৰি প্ৰায়বিলাক বিষয়ববীয়া উপস্থিত থাকে লাইখুঁটা স্থাপন কাৰ্যসূচীত।উল্লেখ্য যে অহা ৩১ জানুৱাৰীত টাই আহোম জনগোষ্ঠীৰ পূৰ্ব পুৰুষ সকলক স্মৰণ কৰাৰ উপৰিও সন্ধিয়া ” আলাবৈ ৰণ” শীৰ্ষক নাটক মঞ্চস্থ কৰিব।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.