মেনেজাৰক লগত ৰাখি পুনৰ বিতৰ্কত ৰ’ণাল্ডো

Share This Article

ব্যক্তিগত মেনেজাৰ ৰখাক লৈ বিতৰ্কত পৰ্টুগালৰ তাৰকা খেলুৱৈগৰাকী।কাটাৰ বিশ্বকাপ ফুটবলত ব্যক্তিগত মেনেজাৰ ৰাখিছে ৰ’নাল্ডোৱে।মেনেজাৰ ৰিকি ৰেগুফেকক লগত ৰখাক লৈ দলত অসন্তুষ্টি।
মঙলবাৰে ছুইজাৰলেণ্ডৰ বিৰুদ্ধে প্ৰি কোৱাৰ্টাৰ মেচখনত ৰ’নাল্ডোক প্ৰশিক্ষক ফাৰ্ণাণ্ডো ছাণ্টোচে প্ৰথম একাদশত স্থান নিদি ৭৩ মিনিটতহে মেচত অৱতীৰ্ণ কৰায়।ইয়াকে লৈ সংঘাতত লিপ্ত হয় প্ৰশিক্ষক ছাণ্টোচ আৰু ৰ’নাল্ডো। প্ৰশিক্ষকৰ সিদ্ধান্তত সন্তুষ্ট নোহোৱা ৰ’নাল্ডোৰ হুংকাৰ কোৱাৰ্টাৰ ফাইনেলত প্ৰথম একাদশত স্থান নিদিলে স্বদেশলৈ তেওঁ উভতি যাব।এতিয়া শনিবাৰে মৰক্কোৰ বিৰুদ্ধে কোৱাৰ্টাৰ ফাইনেলত ৰ’নাল্ডোক প্ৰশিক্ষক চাণ্টোছে প্ৰথম একাদশত স্থান দিয়েনে নিদিয়ে সেয়াহে গুৰুত্বপূৰ্ণ হ’ব। এনে সময়তে ব্যক্তিগত মেনেজাৰ লগত ৰখাক লৈ বিতৰ্কত সোমাই পৰিছে ৰ’নাল্ডো।দলৰ ভিতৰত এই বিষয় লৈ বৃদ্ধি পাইছে তীব্ৰ অসন্তুষ্টি।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.