মুখ একেই,পৰম্পৰা অক্ষত !

লোকসভা নিৰ্বাচনলৈ মাজত মাথো এটা বছৰ।ভাৰত জোড়ো যাত্ৰাৰ পিছত কংগ্ৰেছে ঘূৰাই পাইছে হেৰুৱা ছন্দ। দলটোৱে প্ৰস্তুত কৰিছে সাম্ভাৱ্য প্ৰাৰ্থীৰ এখন তালিকা।একো একোটা সমষ্টিত সাম্ভাৱ্য প্ৰাৰ্থীৰ তালিকাত আছে ৪/৫ জনকৈ প্ৰাৰ্থীৰ নাম নতুন প্ৰাৰ্থীক অগ্ৰাধিকাৰৰ পৰিবৰ্তে অৱশ্যে পুৰণিৰ পয়োভৰ বেছি দেখা গৈছে তালিকাত।
প্ৰায় ১৪ টা সমষ্টিৰ তালিকাতেই পুৰণি প্ৰাৰ্থীৰ নামে লাভ কৰিছে গুৰুত্ব।গুৱাহাটী সমষ্টিৰ বাবে ববিতা শৰ্মা,ৰাণী নৰহ,দ্বিজেন শৰ্মা,মীৰা বৰঠাকুৰৰ নাম উল্লেখ থকাৰ বিপৰীতে নগাঁও সমষ্টিত কেৱল বৰ্তমানৰ সাংসদ প্ৰদ্যুত বৰদলৈৰ নাম সন্নিৱিষ্ট হৈছে।তাৰ বিপৰীতে কলিয়াবৰত গৌৰৱ গগৈ,বৰপেটাত বৰ্তমানৰ সাংসদ আব্দুল খালেকৰ নাম সন্নিবিষ্ট হৈছে।যোৰহাট লোকসভাৰ বাবে প্ৰাৰ্থী তালিকাত নাম সন্নিৱিষ্ট হৈছে দেৱব্ৰত শইকীয়া,ৰাণা গোস্বামী,মঞ্জিল গগৈ,অংকিতা দত্ত।ঠিক সেইদৰে মঙলদৈ লোকসভা আসন খনৰ বাবে নাম অন্তৰ্ভুক্ত হৈছে প্ৰাক্তন সাংসদ মাধৱ ৰাজবংশী,প্ৰাক্তন বিধায়ক বসন্ত দাস,ৱাহিদা ৰহমানৰ।তেজপুৰ সমষ্টিৰ প্ৰাৰ্থী তালিকাত নাম আছে প্ৰাক্তন সাংসদ আৰ পি শৰ্মা,অপূৰ্ব ভট্টাচাৰ্য,অভিজিত হাজৰিকা,প্ৰেমলাল গুঞ্জুৰ।

The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.

Articles: 4296