মুখৰ কথা নালাগে ছাত্ৰ মুক্তিক !

Share This Article

গাঁও সংলগ্ন আৰু কৰ্তন সম্পৰ্কত মৌখিক প্ৰতিশ্ৰুতি নহয়, ২৬ জানুৱাৰীৰ পূৰ্বে চৰকাৰে স্থিতি স্পষ্ট কৰাৰ দাবী জনাইছে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে।যোৰহাট জিলাৰ ৩৮ খন গাঁও গোলাঘাটত সংলগ্ন কৰাৰ বিৰুদ্ধে ছাত্ৰ মুক্তিৰ হুংকাৰ।আজি যোৰহাট জিলা ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি আৰু উত্তৰ পশ্চিম যোৰহাট আঞ্চলিক ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে গাওঁ কৰ্তন কৰি গোলাঘাট জিলাত চামিলকৰণৰ যি সিদ্ধান্ত গ্ৰহণ কৰিছিল সেই সিদ্ধান্তৰ বিৰোধিতা কৰি যোৰহাট জিলাৰ উপায়ুক্ত জৰিয়তে মুখ্যমন্ত্ৰী লৈ এখন স্মাৰক প্ৰত্ৰ প্ৰদান কৰে।”জনসাধাৰণৰ উন্নত যোগাযোগ আৰু সাধাৰণ সুবিধাৰ লগতে উন্নত জনসেৱা প্ৰদান আৰু আইন-শৃংখলাৰ পৰিস্থিতিৰ উন্নত আৰু জনসাধাৰণক ৰক্ষণাবেক্ষণ প্ৰদান আদি”ৰ দোহাই দি অঞ্চলবাসীৰ অজ্ঞাতে জনতাক আন্ধাৰত ৰাখি যোৰহাটৰ পৰা বৃহত্তৰ গৰুমৰা অঞ্চল, ম’হবন্ধা, তিতাবৰ বেকাজান আদি অঞ্চলৰ প্ৰায় ৩৮ খন গাওঁ বিচ্ছিন্ন কৰি গোলাঘাট জিলাৰ লগত চামিল কৰাৰ যি হঠকাৰী সিদ্ধান্ত গ্ৰহণ কৰিছে তাক বিৰোধিতা জনাইছে। জিলা উপায়ুক্তৰ জৰিয়তে স্মাৰক পত্ৰ প্ৰদান কৰি ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ কেন্দ্ৰীয় কাৰ্যকৰী সভাপতি কাশ্যপ নন্দন কলিতাই কয় যে শাসক পক্ষৰ মন্ত্ৰী বিধায়কৰ জনগণক বিপথে পৰিচালিত কৰা বিপৰীতে ২৬ জানুৱাৰীৰ ভিতৰত মুখ্যমন্ত্ৰয়ে স্থিতি স্পষ্ট কৰক অন্যথা ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে সমগ্ৰ যোৰহাট জিলাত তীব্ৰ গণতান্ত্ৰিক আন্দোলন গঢ়ি তুলিবলৈ বাধ্য হ’ব। জিলা সমিতিৰ সভাপতি ভৈৰৱ বৰাই অঞ্চলৰ ৰাইজৰ কোনো মতামত গ্ৰহণ নকৰাকৈ চৰকাৰে এককক্ষীয় ভাৱে এক ৰাতিৰ ভিতৰতে যি সিদ্ধান্ত গ্ৰহণ কৰিলে সেইয়া কোনোপধ্যেই গ্ৰহণ যোগ্য নহয় বুলি মন্তব্য কৰে।ইতিমধ্যে ৰাজ্য চৰকাৰৰ এই সিদ্ধান্তৰ বিৰুদ্ধে প্ৰায় গোটেইকেইটা অঞ্চলতে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱাৰ লগতে কেইবাখনো প্ৰতিবাদী সভা অনুষ্ঠিত হৈছে। প্ৰশাসনিক, অৰ্থনৈতিক আৰু যাতায়ত আদি বহু ক্ষেত্ৰত বছৰ বছৰ ধৰি এই বৃহত্তৰ অঞ্চলকেইটা যোৰহাট জিলাৰ ওপৰত নিৰ্ভৰশীল হৈ আহিছে। কিন্তু হঠা‌‌ৎ গোলাঘাট জিলাত চামিলকৰণৰ সিদ্ধান্ত‌ই অঞ্চল কেইটাৰ ৰাইজক বিমোৰত পেলাইছে।গতিকে জনসাধাৰণৰ স্বাৰ্থ আৰু সুবিধাক অগ্ৰাধিকাৰ দি চৰকাৰে গ্ৰহণ কৰা এই হঠকাৰী সিদ্ধান্ত শীঘ্ৰে বাতিল কৰিবলৈ দাবী জনাইছে। ইতিমধ্যে মুখ্যমন্ত্ৰী মহোদয়ে মৌখিক প্ৰতিশ্ৰুতি প্ৰদান কৰিছে যদিও অঞ্চল সমূহৰ ৰাইজ আশ্বত্ব হ’ব পৰা নাই গতিকে এই সন্দৰ্ভত ২৬ জানুৱাৰীৰ ভিতৰত প্ৰশাসনিক ভাৱে স্থিতি স্পষ্ট কৰি লিখিত প্ৰতিশ্ৰুতি প্ৰদান কৰিবলৈ দাবী উত্থাপন কৰে অন্যথা ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ নেতৃত্বত ধাৰাবাহিক ভাৱে তীব্ৰৰ পৰা তীব্ৰতৰ গণতান্ত্ৰিক আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰা হ’ব বুলি হুংকাৰ প্ৰদান কৰিছে।আজিৰ এই কাৰ্যসূচীত ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ কেন্দ্ৰীয় কাৰ্যকৰী সভাপতি কাশ্যপ নন্দন কলিতা, জিলা সমিতিৰ সভাপতি ভৈৰৱ বৰা, কাৰ্যকৰী সভাপতি চিন্ময় গগৈ উত্তৰ পশ্চিম যোৰহাট আঞ্চলিক ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ সভাপতি মনজিত হাজৰিকা, পঞ্চানন বৰা, কাৰ্যকৰী সভাপতি অভিষেক বৰা,কংকন কাশ্যপ, সাধাৰণ সম্পাদক দেৱাশীষ শ‌ইকীয়া উপস্থিত থাকে।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.