ভুৱা আলফাক ধৰিলে আৰক্ষীয়ে

আলফা স্বাধীনৰ নামত ধন দাবী কৰি চাংসাৰিৰ পৰা আটক মাজুলীৰ কুমুদ বৰুৱা । মাজুলীৰ দুগৰাকী ব্যক্তিৰ পৰা আলফাৰ নামত দাবী কৰিছিল ধন। বৰ্তমান গড়মূৰ আৰক্ষী জিম্মাত ভুৱা আলফা কুমুদ।মাজুলী আৰক্ষীৰ জালত আলফা স্বাধীনৰ নামত ধন দাবী কৰা ভুৱা আলফা কুমুদ বৰুৱা।অভিযোগ অনুসৰি বিগত ১৪ ফেব্ৰুৱাৰীত কামৰূপ গ্ৰাম্যৰ চাংসাৰিত এটা কোম্পানীত কৰ্মৰত কুমুদ বৰুৱাই (৪৫) মাজুলীৰ বালিচাপৰি নিবাসী পৰেশ বৰাক আলফা স্বাধীনৰ নামত ১৫ লাখ টকা ধন দাবী কৰিছিল আৰু তেতিয়াই সমগ্ৰ ঘটনাৰ বিষয়ে মাজুলী জিলা আৰক্ষীক অৱগত কৰিছিল পৰেশ বৰাই । ইয়াৰ পাছত ১৯ ফেব্ৰুৱাৰীত পুনৰ পৰেশ বৰা আৰু তেওঁৰ পুত্ৰ জনাৰ্দ্দন বৰাক ফোনযোগে পৃথকে-পৃথকে ধন দাবী কৰিছিল অভিযুক্ত কুমুদ বৰুৱাই । লগে-লগে মাজুলী আৰক্ষী অধীক্ষক গৌতম বৰাৰ নেতৃত্বত অতি তৎপৰতাৰে কুমুদ বৰুৱাৰ স্থান নিৰ্ণয় কৰি ২১ তাৰিখে কামৰূপ গ্ৰাম্যৰ কমলপুৰ থানাৰ সহযোগত মাজুলীৰ পৰা যোৱা আৰক্ষীৰ এটা দলে চাংসাৰিৰ ভাড়াঘৰৰ পৰা আটক কৰে ভুৱা আলফা কুমুদ বৰুৱাক । কৰ্মসূত্ৰে চাংসাৰিত থকা কুমুদ বৰাৰ ঘৰ মাজুলীৰ ভকতচাপৰি অঞ্চলৰ ভীমপাৰাত । বৰ্ত্তমান গড়মূৰ আৰক্ষীয়ে ২৭/২৩ ভাৰতীয় দণ্ডবিধি আইনৰ ১২০B/৩৮৭ RW-১০/১৩ UA(P) ধাৰাত কুমুদ বৰুৱাৰ বিৰুদ্ধে এক গোচৰ ৰুজু কৰি ন্যায়ালয়ত হাজিৰ কৰাই নিজৰ জিম্মাত লৈ তদন্ত প্ৰক্ৰিয়া আগবঢ়াইছে।

The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.

Articles: 4296