ভিডিঅ’ ভাইৰেল কৰি নিবনুৱা হ’ল কৰ্মচাৰী

বিগত ১৩ অক্টোৱৰৰ পৰা অষ্ট্ৰেলিয়াত অনুষ্ঠিত হৈ আছে টি-২০ বিশ্বকাপ। দেওবাৰে অষ্ট্ৰেলিয়াৰ পাৰ্থ ষ্টেডিয়ামত অনুষ্ঠিত হৈছিল ভাৰত আৰু দক্ষিণ আফ্রিকাৰ মাজত মেচ। উক্ত মেচৰ বাবে ভাৰতীয় খেলুৱৈ আছিল অষ্ট্ৰেলিয়াৰ ফাইভ ষ্টাৰ হোটেল ক্ৰাউন পাৰ্থত। হোটেল ক্ৰাউন পাৰ্থৰ কৰ্মচাৰী তথা বিৰাট কোহলিৰ অনুৰাগীয়ে ‘কিং ‘কোহলিৰ অনুপস্থিতিত কোহলিৰ ৰূমৰ ভিডিও ভাইৰেল কৰিলে সামাজিক মাধ্যমত। সোমবাৰে কোহলিয়ে নিজৰ ৰূমৰ ভিডিঅ’ ভাইৰেল হোৱাক লৈ সামাজিক মাধ্যমত প্ৰকাশ কৰিছিল তীব্ৰ ক্ষোভ। লগতে বিৰাট কোহলিৰ পত্নী তথা বলিউডৰ জনপ্রিয় অভিনেত্রী অনুস্কা শৰ্মাইও নিজৰ ইনষ্টাগ্ৰাম একাউণ্টৰ জৰিয়তে প্ৰকাশ কৰিছিল ক্ষোভ।ভাৰতীয় দলৰ প্ৰাক্তন অধিনায়ক বিৰাট কোহলিৰ হোটেলৰ ৰূমৰ ভিডিঅ’ ভাইৰেল হোৱাক লৈ শেষত ক্ষমা বিচাৰিবলৈ বাধ্য হয় হোটেল কৰ্তৃপক্ষ। লগতে হোটেল কৰ্তৃপক্ষই ভিডিঅ’ ভাইৰেল কৰা কৰ্মচাৰী গৰাকীকো নিলম্বন কৰে। হোটেলৰ ৰূমৰ ভিডিঅ’ ভাইৰেল হোৱাৰ পাছতেই কোহলিৰ অনুৰাগীয়েও হোটেল কৰ্তৃপক্ষৰ বিৰুদ্ধে সামাজিক মাধ্যমত প্রকাশ কৰে তীব্ৰ ক্ষোভ। বৰ্তমান ‘কিং’ কোহলিৰ এই ঘটনা সামাজিক মাধ্যমৰ লগতে ক্ৰিকেট জগততো হৈ পৰিছে ব্যাপক চৰ্চাৰ বিষয়।

The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.

Articles: 4296