ভাৰোত্তোলনত চেম্পিয়ন বেদব্ৰত

Share This Article

অসমৰ ক্ৰীড়া ক্ষেত্ৰত ইটোৰ পাছত সিটো সুখবৰ । এইবাৰ বিশ্ব চেম্পিয়নশ্বিপত ভাৰোত্তোলনত অসমীয়াৰ প্ৰথমটো পদক।বিশ্ব যুৱ ভাৰোত্তোলন চেম্পিয়নশ্বিপত উজলি উঠিছে অসমৰ বেদব্ৰত ভৰালী নামৰ যুৱকজন। ইউৰোপ মহাদেশৰ আলবেনিয়াৰ ডুৰেছত অনুষ্ঠিত IWF world youth championship 2023 প্রতিযোগিতা খনত ভাৰতীয় দলক প্রতিনিধিত্ব কৰা বেদব্ৰতে পুৰুষৰ ৬৭ কিলোগ্রাম শাখাত ব্ৰঞ্জৰ পদক লাভ কৰিবলৈ সক্ষম হয়। উল্লেখযোগ্য যে, বিশ্ব যুৱ চেম্পিয়নশ্বিপত অসমীয়া ভাৰোত্তোলকৰ এয়া প্ৰথমটো পদক। ১৫ বছৰীয়া বেদব্ৰতে মুঠ ২৬৭ কিলোগ্রাম উত্তোলন কৰে। তেওঁ স্লেটছত ১১৯ কিলোগ্ৰাম আৰু ক্লিন এণ্ড জাকত ১৪৮ কিলোগ্রাম উত্তোলন কৰে।ব্ৰঞ্জৰ পদকটো বেদব্রতে ক্লিন এণ্ড জার্ক শাখাত লাভ কৰিবলৈ সক্ষম হয়। বেদব্ৰতৰ ঘৰ ডিব্ৰুগড় জিলাৰ অতি ভিতৰুৱা অঞ্চল মধুপুৰ দেউৰী গাঁৱত।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.