ভাৰতৰ মষ্ট ৱাণ্টেড গ্ৰেপ্তাৰ মেস্কিকোত

Share This Article

উত্তৰ আমেৰিকাৰ দেশ মেক্সিকোত গ্ৰেপ্তাৰ হৈছে মষ্ট ৱাণ্টেড সন্ত্ৰাসবাদী দীপক বক্সাৰ।
দিল্লী আৰক্ষীৰ বিশেষ শাখাই মেক্সিকো আৰক্ষীৰ সহযোগত গ্ৰেপ্তাৰ কৰে দীপক বক্সাৰক।দিল্লীৰ মষ্ট ৱাণ্টেডৰ তালিকাত থকা দীপক বক্সাৰক গ্ৰেপ্তাৰৰ উদ্দেশ্যে দিল্লী আৰক্ষীৰ কেইবাটাও গোট তাত বাহৰ পাতি আছিল।বক্সাৰৰ কাষ্টডী আৰু ভাৰতলৈ অনা সম্পৰ্কীয় বিষয় আলোচনা কৰিবলৈ আন এটা দল ইতিমধ্যে মেক্সিকোত উপস্থিত হৈছেগৈ।উল্লেখযোগ্য যে প্ৰথমবাৰৰ বাবে দিল্লী আৰক্ষীয়ে এক বিদেশী আইন সংস্থাৰ লগত মিলিত হৈ বিদেশত পলায়ন কৰা সন্ত্ৰাসবাদীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে।দিল্লী আৰক্ষীৰ বিশেষ শাখাৰ এগৰাকী বিষয়াই কয় ‘ কেইসপ্তাহমান আগতে ,আমি জানিব পাৰিছিলোঁ যে আনৰ পাছপোৰ্ট লৈ তেওঁ মেক্সিকোলৈ পলায়ন কৰিছে৷তেওঁক ভাৰত এৰি যোৱাত সহায় কৰিছিল গেংষ্টাৰ লৰেন্স বিষ্ণয় আৰু গল্ডী ব্ৰাৰে।’

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.