Investigative reporting with dedication.

দেশবাসীৰ বাবে এক সু-খবৰ। আজিৰে পৰা ভাৰতত আৰম্ভ হৈছে Covaxin ৰ তৃতীয় পৰ্যায়ৰ পৰীক্ষণ। আৰু এই পৰীক্ষণ সফল হোৱাৰ পিছতেই ৰাইজৰ বাবে উপলব্ধ হ’ব ভেকচিন। চিকিৎসকৰ মতে সকলোতকৈ দীঘলীয়া হ’ব এই তৃতীয় পৰ্যায়ৰ পৰীক্ষণ। আৰু এই কথা প্ৰকাশ কৰিছে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ৰ নীতি আয়োগৰ সদস্য ড° ভি কে পলে।
গুৱাহাটী চিকিৎসা মহাবিদ্যালয়টো ভেকচিনৰ মানৱ পৰীক্ষণ আৰম্ভ হ’ব। এই কথা প্ৰকাশ কৰিছে স্বাস্থ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই। এই ভেকচিন কিদৰে কম সময়ৰ ভিতৰতে মানুহৰ মাজত প্ৰসাৰণ কৰিব পাৰি তাৰ বাবেই পৰিকল্পনা প্ৰস্তুত কৰা হৈছে। ইতিমধ্যে দেশৰ মুঠ ১২ টা কেন্দ্ৰত Covexin ৰ পৰীক্ষণ চলাই থকা হৈছে।




