বৰ্ধিত পৌৰকৰ নিদিয়ে ওদালগুৰিবাসীয়ে

Share This Article

বৰ্ধিত পৌৰকৰৰ প্ৰতিবাদত ওদালগুৰিত ৰাজহুৱা সভা।নাগৰিক অধিকাৰ দাবী সমিতি গঠন।ওদালগুৰি পৌৰ সভাই ২০২২ চনৰ ৰ ১ এপ্ৰিলৰ পৰা অভাৱনীয় হাৰত নতুন নিৰিখৰ পৌৰকৰ নিৰ্ধাৰণ কৰাৰ প্ৰতিবাদত সোমবাৰে ওদালগুৰি সাহিত্য সভা ভৱনত সমাজকৰ্মী নৰেশ্বৰ ডেকাৰ সভাপতিত্বত এখনি ৰাজহুৱা সভা অনুষ্ঠিত হৈ যায়।সভাত আহ্বায়ক সমিতিৰ হৈ দীপক শৰ্মাই সভাৰ উদ্দেশ্য বাখ্যা কৰি ওদালগুৰিবাসী ৰাইজৰ আবেগ অনুভূতিক আঘাত দি কোনো মতামত নোলোৱাকৈ পৌৰকৰ বৃদ্ধি কৰা বুলি উল্লেখ কৰে।ইয়াৰ পিছতেই ওদালগুৰিৰ বাসিন্দা গুণজিৎ দাস,গৌতম জ্যোতি তালুকদাৰ,নোৱাজ বসুমতাৰী, প্ৰফুল্ল চহৰীয়া,ক্ষিতীশ দাস,তপন কলিতা ,ফণী ওজা,দ্বিজেন বায়ন,মিলন দাস,গিৰীন্দ্ৰ নাথ চৌধুৰী,আদিকে ধৰি কেইবাগৰাকীও লোকে কৰ বৃদ্ধি কৰা সন্দৰ্ভত প্ৰতিবাদ কৰি বক্তব্য ৰাখি উচ্চ হাৰত বৃদ্ধি কৰা কৰ হ্ৰাস কৰাৰ বাবে পৌৰপতিক আহ্বান জনায়।আনহাতে, পৌৰসভাই ৰাজহুৱাকৈ হৰ্ডিং যোগে কৰ পৰিশোধ কৰাৰ নিৰ্দেশ জাৰি কৰা কাৰ্যত নাগৰিক সকলক অপমানহে কৰা হৈছে বূলি উল্লেখ কৰে।উক্ত সভাতেই উচ্চ হাৰত বৃদ্ধি কৰা কৰ পৰিশোধ নকৰাৰ সিদ্ধান্ত গ্ৰহণ কৰি ওদালগুৰি নাগৰিক অধিকাৰ দাবী সমিতি গঠন কৰা হয়। নাগৰিক অধিকাৰ দাবী সমিতিৰ বিষয়ববীয়া সকল হ’ল-নৰেশ্বৰ ডেকা,দিনেশ চন্দ্ৰ দাস,কমলাকান্ত শৰ্মা,ধীৰেন দাস আৰু গগন লহকৰ,উপদেষ্টা।গিৰীন্দ্ৰ নাথ চৌধুৰী,সভাপতি,নোৱাজ বসুমতাৰী,কাৰ্যকৰী সভাপতি,গুনজিৎ দাস, দ্বিজেন বায়ন,সুচেন ওজা,গৌতম জ্যোতি তালুকদাৰ উপ-সভাপতি। দীপক শৰ্মা,সম্পাদক,ফুলন দাস,অঞ্জনজ্যোতি শৰ্মা,মিলন দাস ,সহকাৰী সম্পাদক।সদস্য-সদস্যা সকল হ’ল ক্ৰমে-ক্ষিতীশ দাস,ধনজিৎ বায়ন,বিজু শৰ্মা,পুনম দেৱী,লীনা তালুকদাৰ, নীৰঞ্জন বায়ন,নৰহৰি পাঠক,ৰাজু মেধি,বিদ্যুৎ বিকাশ সূত্ৰধাৰ আৰু মন্টু দাস।আনহাতে, এই সন্দৰ্ভত কাৰ্য ব্যৱস্থা গ্ৰহণ কৰাৰ উদ্দেশ্যে অহা ২৮ মাৰ্চত বিষ্ণুৰাভা কৃষ্টি সংঘ প্ৰাঙ্গণত এখনি সভাৰ আয়োজন কৰা হৈছে।

ওদালগুৰিৰ পৰা ফুলন দাস।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.