বৰভেটিত দুৰ্ঘটনা,নিহত ১জন

Share This Article

নগাঁৱৰ বৰভেটিত ভয়ংকৰ পথ দুৰ্ঘটনা।দুৰ্ঘটনাত এজন ছাত্ৰৰ মৃত্যু হোৱাৰ লগতে গুৰুতৰভাবে আহত হৈছে আন এজন ছাত্ৰ।নিহত ছাত্ৰজনৰ নাম গোপাল শইকীয়া।গোপালৰ ঘৰ নগাঁৱৰ ফুলগুৰিত ।বেবেজীয়াৰ জামুগুৰিৰ মানবেন্দ্ৰ নাথ নামৰ ছাত্ৰজন গুৰুতৰভাবে আহত হৈছে৷আহত ছাত্ৰ জনক উন্নত চিকিৎসাৰ বাবে প্ৰেৰণ কৰা হৈছে গুৱাহাটীলৈ।নগাঁৱৰ কলং কপিলী জুনিয়ৰ কলেজৰ ছাত্ৰ আছিল দুয়োজন।কলেজত ক্লাছ কৰি মটৰ চাইকেলেৰে ঘৰলৈ গৈ থকা অৱস্থাত বৰভেটিত ই-ৰিক্সা আৰু এখন ঠেলাত খুন্দা মৰাৰ ফলতে সংঘটিত হয় এই শোকাৱহ দুৰ্ঘটনাটো।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.