বেকাজান নাযায় গোলাঘাটলৈ

Share This Article

বেকাজান গাঁও পঞ্চায়তক গোলাঘাটত চামিলকৰণক লৈ বৰহোলাত ব্যাপক গণ প্ৰতিবাদ।তিতাবৰ মহকুমাৰ বেকাজান গাঁও পঞ্চায়তক গোলাঘাট জিলাক চামিলকৰণক লৈ প্ৰতিবাদী জনতাৰ ধাৰাবাহিক আন্দোলন অব্যাহত আছে।বৰহোলা বাগান খেলপথাৰত অগণন ৰাইজ সমবেত হৈ চৰকাৰৰ গণবিৰোধী সিদ্ধান্তক প্ৰতিবাদ জনাইছে।সমবেত জনতাই বৰহোলাৰ ৰাজপথত ব্যাপক প্ৰতিবাদী সমদল উলিয়াই বিজেপি মুূ্ৰ্দাবাদ, হিমন্তবিশ্ব শৰ্মা হায় হায় ধ্বনিৰে পৰিৱেশ উত্তাল কৰি তোলে।আৰক্ষীৰ নিৰাপত্তা বেষ্টনীয়েও প্ৰতিবাদকাৰী সকলক ক্ষান্ত কৰিব নোৱাৰাত অৱশেষত প্ৰতিবাদস্থলীত উপস্থিত হয় তিতাবৰ মহকুমাৰ এগৰাকী কাৰ্যবাহী দণ্ডাধীশ।জনতাৰ গণতান্ত্ৰিক প্ৰতিবাদ যদি শুনিবলৈ ইচ্ছা নকৰে অহা ২৬ জানুৱাৰী গণতন্ত্ৰ দিৱসৰ দিনা জংগী আন্দোলন কৰাৰো হুংকাৰ দিছে।চৰকাৰে নিজৰ সিদ্ধাান্ত সলনি নকৰা পৰ্যন্ত ৰাইজৰ প্ৰতিবাদ অব্যাহত থাকিব বুলি হুংকাৰ দিছে।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.