বুমেৰাঙত পৰিণত অসম-অৰুণাচল শান্তি চুক্তি!

Share This Article

২০ এপ্ৰিলত কেন্দ্ৰীয় চৰকাৰৰ প্ৰত্যক্ষ হস্তক্ষেপত তথা গৃহমন্ত্ৰী অমিত শ্বাহৰ উপস্থিতিত অসম আৰু অৰুণাচলৰ দুই মুখ্যমন্ত্ৰীয়ে স্বাক্ষৰ কৰিলে শান্তি চুক্তিত। দুই ৰাজ্যৰ বিবদমান এলেকা সন্দৰ্ভত এই বৈঠকতে লোৱা হৈছিল কেতবোৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত। ৰাজ্য দুখনৰ মাজৰ দীৰ্ঘদিনীয়া সীমা বিবাদৰো এই চুক্তিৰ মাধ্যমতেই আনুষ্ঠানিকভাৱে অন্ত পৰিল বুলি দুয়ো ৰাজ্যৰ মুখ্যমন্ত্ৰী তথা কেন্দ্ৰীয় গৃহমন্ত্ৰীয়ে সংবাদমাধ্যমৰ আগত সদৰি কৰিছিল। এই চুক্তিক কেন্দ্ৰ কৰি ৰাজ্য দুয়োখনতে সৃষ্টি হৈছিল মিশ্ৰিত প্ৰতিক্ৰিয়াৰ। শেহতীয়াকৈ দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যানৰ অন্তৰ্গত ১৪৫ হেক্টৰ ভূমি বিবদমান হিচাপে থাকি যোৱাৰ লগতে বেদখলমুক্ত কৰিবলৈ কোনো ব্যৱস্থা গ্ৰহণ নকৰাত স্তম্ভিত হৈ পৰিছে সচেতন মহল। উল্লেখযোগ্য যে, অসম অৰুনাচল সীমান্তৰ নাকফানত ঘণ অৰণ্যৰে আগুৰি আছে ১৪৫.৫ হেক্টৰৰ এক বৃহৎ এলেকা। ১৯৬৯ চনত জয়পুৰ ৰিজাৰ্ভ ফৰেষ্টত  2nd Edition হিছাপে অন্তৰ্ভুক্ত হৈছিল এই নাকফান অঞ্চলটো।সম্প্ৰতি পোহৰলৈ আহিছে যে,দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যানৰ অন্তৰ্গত অসমৰ নাকফান অৰুনাচলৰ বেদখলত !  ১৪৫ হেক্টৰ ভূমিত অৰুণাচলীয়ে বেদখল কৰি স্থাপন কৰিছে চাহ বাগিচা !ৰাষ্ট্ৰীয় উদ্যানৰ অন্তৰ্গত ভূমিতেই স্থাপন কৰিছে নাইটং গাওঁ ষ্মৰ্তব্য যে, ১৪৫.৫ হেক্টৰ অৰণ্যখণ্ডৰ এই নাকফানত ১৯৯৮ চনত প্ৰথমে ১ হেক্টৰ জংঘল ধ্বংস কৰি অৰুনাচলে  পাণ বাৰী স্থাপন কৰিছিল আৰু তাৰ পিছৰে পৰাই ক্ৰমান্বয়ে দিহিং পাটকাই ধ্বংস কৰি অৰুনাচলে চলাই গৈছে এই বেদখল।উক্ত অঞ্চলত অৰুনাচলী লোকে গাওঁ পাতি বৃহৎ বৃহৎ মুল্যবান গছ কাটি কচুখেতি, চাহ বাগিছা আদি স্থাপন কৰাৰ লগতে অসমৰ মাটিত পাতিছে বন বিভাগৰ কাৰ্যালয়, আৰচিচি দলং আদি।উল্লেখযোগ্য যে, অৰুনাচলে বেদখল কৰা নাকফানৰ এই দুৰ্গম এলেকা পৰিদৰ্শন কৰিছিল তেতিয়াৰ নাহৰকটীয়াৰ ৰাজহ চক্ৰ বিষয়া দীপশিখা শইকীয়াই। ২০২১ চনৰ ১০ জুলাইত ৰাজহ চক্ৰ বিষয়া গৰাকীয়ে এই পৰিভ্ৰমণ কৰা পাছত নাকফানৰ ১৪৫ হেক্টৰ মাটি বেদখল হৈ আছে বুলি নিজ মুখেই স্বীকাৰ কৰিছিল।আনহাতে দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যানৰ যিখন গেজেট্ নটিফিকেচন সেইখনত এই নাকফান এলেকাত বেদখল হৈ থকা ১৪৫ হেক্টৰ মাটি অসমৰ সীমাৰ ভিতৰতে GPS point ১৭০ ৰ পৰা ১৭৮ ৰ ভিতৰত দেখুওৱা হৈছিল। কেৱল এয়াই নহয়, ২০২১ চনৰেই ২৭ আগষ্টত দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যান ঘোষিত হোৱা প্ৰায় দুমাহ পাছত অৰুণাচল চৰকাৰৰ গৃহমন্ত্ৰী বামাং ফেলিক্সে অৰুণাচল প্ৰদেশৰ বিধানসভাত সোধা এক প্ৰশ্নৰ উত্তৰত কৈছিল যে, অৰুণাচল চৰকাৰৰ ফালৰ পৰা অসমৰ বন বিভাগৰ মুখ্য বন্যপ্ৰাণী সংৰক্ষকলৈ এক পত্ৰ প্ৰেৰণ কৰিছিল। উক্ত পত্ৰযোগে “দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যান খন অসম অৰুণাচলৰ বিবদমান এলেকাৰ ভিতৰত পৰে নেকি বুলি প্ৰশ্ন কৰিছিল।” অৱশ্যে ইয়াৰ উত্তৰত অসমৰ বন বিভাগে অৰুণাচল চৰকাৰক কি ক’লে সেয়া জানিব পৰা নাযায়।মন কৰিব লগীয়া যে, দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যানৰ এই নাকফান অঞ্চলটোলৈ অসমৰ সীমাৰ ভিতৰেদি যাবলৈ হ’লে অতি দুৰ্গম হাবি-জংঘল পাৰ হৈ যাব লাগে। কিন্তু অসমৰ পৰা অৰুণাচল সীমাৰ ভিতৰলৈ সোমাই অতি সহজে পথৰে অঞ্চলটোত উপস্থিত হ’ব পাৰি। এই অঞ্চলটোৰ বে-দখল সন্দৰ্ভত বিগত সময়ত স্থানীয় বিভিন্ন দল-সংগঠনে প্ৰতিবাদ সাব্যস্ত কৰি অহাৰ লগতে প্ৰশাসনিক বিষয়াৰ সৈতেও কেইবাবাৰো আলোচনাত মিলিত হৈছে। ইয়াৰ পাছতো অসম-অৰুণাচল শান্তি চুক্তিৰ বৈঠকত ৰাষ্ট্ৰীয় উদ্যানৰ অন্তৰ্গত এই গুৰুত্বপূৰ্ণ অঞ্চলটোক বে-দখল মুক্ত কৰিবলৈ কিয় আলোচনাই স্থান নাপালে, ইয়াক লৈ স্তম্ভিত হৈ পৰিছে সচেতন মহল। এনে বে-দখলে ৰাষ্ট্ৰীয় উদ্যানখনলৈ ভাবুকি কঢ়িয়াই অনিব বুলিও শংকা প্ৰকাশ কৰিছে প্ৰকৃতিপ্ৰেমীসকলে।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.