বিৰোধীক থানবানৰ ফন্দি বিজেপিৰ সফল হ’বনে?

Share This Article

বিৰোধীক নিঃশেষ কৰাই প্ৰধান লক্ষ্য শাসক দল বিজেপিৰ।এটাৰ পিছত এটা বিৰোধী দলক লক্ষ্য কৰি লৈছে শাসক দলটোৱে।সোমবাৰে পুৱা চিবিআইয়ে গ্ৰেপ্তাৰ কৰে জীৱন কৃষ্ণ সাহা নামৰ তৃণমূলৰ বিধায়কগৰাকীক।প্ৰথমে আম আদমি পাৰ্টিৰ সঞ্জয় সিং,মণীষ ছিছ’ডিয়াক লক্ষ্য হিচাপে লৈ জে’লত থৈহে যেন শান্তি পাইছে বিজেপিয়ে।শেহতীয়াকৈ অৰ্থাৎ দেওবাৰে অৰবিন্দ কেজৰিৱালকো প্ৰায় ১০ ঘণ্টা জেৰা কৰে চিবিআইয়ে।বিগত বৰ্ষৰ মে’ মাহত গ্ৰেপ্তাৰ হয় পশ্চিম বংগৰ শিক্ষা মন্ত্ৰী পাৰ্থ ছেটাৰ্জী।শিক্ষাখণ্ডত নিযুক্তিৰ ক্ষেত্ৰত ব্যাপক অনিয়ম সংঘটিত হোৱাৰ অভিযোগত গ্ৰেপ্তাৰ হয় পাৰ্থ ছেটাৰ্জী৷২০১৪ চনৰ পৰা ২০২১ চনলৈ শিক্ষক আৰু শিক্ষা বিভাগৰ আন চাকৰিয়ালৰ নিযুক্তিৰ ক্ষেত্ৰত ব্যাপক অনিয়ম সংঘটিত হোৱাৰ অভিযোগত বিগত মে’ মাহত গ্ৰেপ্তাৰ কৰে প্ৰাক্তন মন্ত্ৰীগৰাকীক।একেটা অভিযোগত গ্ৰেপ্তাৰ হয় আন এগৰাকী তৃণমূলৰ বিধায়ক মাণিক ভট্টাচাৰ্য।ভট্টাচাৰ্য আছিল পশ্চিম বংগৰ প্ৰাথমিক শিক্ষাৰ প্ৰাক্তন সভাপতি।আনহাতে ,বিগত ১৪ এপ্ৰিলৰ পৰা পশ্চিম বংগৰ মুৰ্ছিদাবাদৰ বুৰৱানৰ বিধায়ক জীৱন কৃষ্ণ সাহাক সোধাপোছা অব্যাহত ৰাখিছিল CBI এ।বিধায়কজনে তেওঁৰ এটা ম’বাইল ঘৰৰ সন্মুখৰ পুখুৰীত দলিয়াই প্ৰমাণ লুকুৱাব বিচৰাৰ অভিযোগ তুলিছে CBI এ।ভাৰত ৰাষ্ট্ৰ সমিতিৰ কে কবিতাকো ১১মাৰ্চত EDএ জেৰা কৰিছিল৷দিল্লীৰ আবকাৰী নীতি সন্দৰ্ভত জেৰা কৰিছিল কে কবিতাক।আনহাতে,কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ বিৰুদ্ধে আক্ৰোশমূলকভাৱে সাংসদ পদ খাৰিজৰ পৰা চৰকাৰী বাসগৃহ খালী কৰাৰ দৰে পদক্ষেপ লয় বৰ্তমানৰ শাসক দলৰ চৰকাৰে।তদুপৰি কংগ্ৰেছৰ মুখ্য মুখপাত্ৰ পৱন খেৰাক প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ পিতৃৰ নাম ভুলকৈ উচ্চাৰণ কৰাৰ বাবে অসমত ৰুজু হোৱা এক গোচৰৰ ভিত্তিত গ্ৰেপ্তাৰ কৰিছিল আৰক্ষীয়ে। বিহাৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী লালু প্ৰসাদ যাদৱ,পত্নী ৰাৱৰী দেৱী,কন্যা মিছা ভাৰতী আৰু বৰ্তমানৰ বিহাৰৰ উপমুখ্যমন্ত্ৰী তেজস্বী যাদৱকো land for job কেলেংকাৰীৰ অভিযোগত সোধপোছ কৰিছে CBI এ।মুঠতে বিৰোধীৰ কোনো এগৰাকী নেতাকেই শান্তিত থাকিব দিয়া নাই বিজেপিয়ে।ৰাহুল গান্ধীৰ সাংসদ পদ খাৰিজৰ পিছতেই দেশত ঐক্যবদ্ধ হৈছে বিৰোধী।বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰৰ নেতৃত্বত এটা দলে ইতিমধ্যে কংগ্ৰেছৰ সভাপতি মাল্লিকাৰ্জুন খাৰ্গে আৰু ৰাহুল গান্ধীকো সাক্ষাৎ কৰিছে৷বিৰোধীৰ এই সঘন বৈঠক আৰু সাক্ষাতে হতাশগ্ৰস্ত কৰিছে বিজেপিক।ইয়াৰেই ফলশ্ৰুতিত বিৰোধী দলৰ নেতা-নেত্ৰীক লক্ষ্য কৰি লৈছে নেকি কেন্দ্ৰীয় সংস্থাসমূহে !এই প্ৰশ্ন আমাৰ নহয়,এই প্ৰশ্ন প্ৰতিগৰাকী বিৰোধী নেতাৰ লগতে সচেতন ব্যক্তিৰ!

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.