বিস্ফোৰণত নিহত শতাধিক

Share This Article

ভয়ংকৰ বিস্ফোৰণত প্ৰাণ গ’ল ১০০ জনৰ,আহত ৩০০৷ ছোমালিয়াৰ মুগাডিছুত সংঘটিত হৈছে কাৰ বোমা বিস্ফোৰণ৷ শনিবাৰে দেশখনৰ শৈক্ষিক চহৰ মুগাডিছুত সংঘটিত হয় এই ঘটনা৷” আমাৰ যিসকল লোকে প্ৰাণ হেৰুৱালে সেইসকলৰ সৰহসংখ্যকেই মাতৃ আৰু শিশু ৷ তদুপৰি যথেষ্টসংখ্যক ছাত্ৰছাত্ৰীয়ে প্ৰাণ হেৰুৱাইছে”-এনেদৰে কয় দেশখনৰ ৰাষ্ট্ৰপতি হাছান শ্বেইখ মহামুদে৷ এই বিস্ফোৰণৰ কোনেও দায়িত্ব স্বীকাৰ কৰা নাই যদিও ৰাষ্ট্ৰপতিগৰাকীয়ে ইছলামিক সন্ত্ৰাসবাদী সংগঠন অল চাহবাবেই জগৰীয়া বুলি সন্দেহ প্ৰকাশ কৰিছে৷ প্ৰথমটো বোমা বিস্ফোৰণ সংঘটিত হয় দেশখনৰ শিক্ষা মন্ত্ৰালয়ৰ কাৰ্যালয়ৰ সমীপত৷ দ্বিতীয়টো কাৰ বোমা বিস্ফোৰণ সংঘটিত হয় এখন এম্বুলেন্সত৷ ২০১৭ চনতো ছোমালিয়াত সেই একে স্থানতেই সংঘটিত হৈছিল ভয়ংকৰ বিস্ফোৰণ৷উক্ত বিস্ফোৰণত ৫০০ লোক ঘটনাস্থলীতে নিহত হৈছিল৷ ইতিমধ্যে ৰাষ্ট্ৰপতি শ্বেইখ মাহমুদে ঘটনাস্থলী পৰিদৰ্শন কৰি মৃতকৰ সংখ্যা আৰু অধিক বৃদ্ধি পোৱাৰ আশংকা কৰিছে৷

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.