বিশ্ব কাপ ফুটবল- পি এছ জিৰ সতীৰ্থ এইবাৰ মুখামুখী যুঁজত

Share This Article

কাটাৰৰ  বিলিয়নাৰৰ মালিকনাধীন পেৰিছ ছেইন্ট জাৰ্মেই,. চমুকৈ পি-এছ-জি । কাটাৰৰ বিলিয়নাৰৰ মালিকনাধীন এই ক্লাবতে একেলগে খেলে ফ্ৰান্সৰ কিলিয়ান এমবাপে, ব্ৰাজিলৰ নেইমাৰ আৰু আৰ্জেন্টিনাৰ লায়নেল মেছিয়ে । বিশ্বৰ শ্ৰেষ্ঠ আক্ৰমণবিভাগ গঢ় লৈ উঠিছে এইটো ক্লাবতে । দুৰন্ত প্ৰদৰ্শনেৰে পি-এছ-জিৰহৈ এই পৰ্যন্ত ২২ খন খেলত তেওঁলোকে মিলি ৪৬টাকৈ গ’ল দিছে । বিশ্ব কাপলৈ আহোতে তেওঁলোক কেউজনৰে দল সম্ভাব্য বিজয়ী হিচাপে চিহ্নিত হৈছিল । নেইমাৰৰ ব্ৰাজিল পাছে আঁতৰি গৈছে ইতিপূৰ্বে । দেওবাৰৰ ফাইনেললৈ এতিয়া ৰ’লগৈ আগেয়ে দুবাৰকৈ জয়ী হোৱা আৰ্জেন্টিনা আৰু ফ্ৰান্স । এইবাৰ যেন মেছি বনাম এমবাপেৰ প্ৰতিদ্বন্দিতা  !

মাজত এতিয়া  আৰু  কোনো প্ৰতিবন্ধক নাই । এই ৰণত যিজনেই উজলিব,কাপ হব তেওঁলোকৰেই দলৰ ।   যদিহে ফ্ৰান্স জিকে, তেতিয়াহলে ব্ৰাজিলৰ পিছত তেওঁলোকেই হব প্ৰথম আৰু একমাত্ৰ দল, যি বিজয়ী হব উপৰ্যুপৰি দুখন বিশ্ব কাপত ।  ব্ৰাজিল জয়ী হৈছিল ১৯৫৮ আৰু ১৯৬২ চনত । দুয়োটাদলেই এই পৰ্যন্ত দুবাৰকৈ বিজয়ী হৈছে । ফ্ৰান্স ১৯৯৬ আৰু ২০১৮ চনত । আনহাতে ১৯৭৮ আৰু ১৯৮৬ চনত বিজয়ী হৈছে আৰ্জেন্টিনা । বিশ্ব কাপত তেওঁলোক পৰস্পৰৰ মুখামুখী হৈছে তিনিবাৰ আৰু  তাৰ ভিতৰত দুবাৰ  লেটিন আমেৰিকান দলটোৱে জয়ৰ হাঁহি   মাৰিছে, ১৯৩০ আৰু ১৯৭৮ চনত । অন্যহাতে ফ্ৰান্সে একমাত্ৰ জয়টোত যোৱাবাৰ আৰ্জেন্টিনাক প্ৰি কোৱাৰ্টাৰতে বিমুখ কৰিছিল ৪-৩ গ’লত । যোৱাবাৰো আৰ্জেন্টিনা অন্যতম দাবীদাৰ আছিল  আৰু সেই পৰাজয়ৰ পোতক তোলাৰো ভাল সুবিধা এটা পাইছে এইবাৰ । দেখা যায়, সামগ্ৰিক মুখামুখীতো আৰ্জেন্টিনাই  আগবাঢ়ি আছে । এতিয়ালৈকে মুঠ  ১২টাৰ ভিতৰত ছবাৰ জয়ী হৈছে দক্ষিণ আমেৰিকীয় দলটো । ৩ খনত তেওঁলোক পৰাজিত হোৱাৰ বিপৰীতে আন ৩ খন ড্ৰ হৈছে । চাৰি বছৰৰ আগেয়ে বিশ্ব কাপতেই তেওঁলোকৰ শেহতীয়াটো মুখামুখী হৈছিল । মেছি আৰু এমবাপেও আছিল  তেতিয়া । আন খেলুৱৈৰ শক্তি-সামৰ্থক  তুচ্ছ-জ্ঞান নকৰিও এটা কথা কব পাৰি যে দেওবাৰৰ ফাইনেলত এই দুজন খেলুৱৈৰ প্ৰদৰ্শনেই গুৰুত্বপূৰ্ণ বা নিৰ্ণায়ক হবগৈ পাৰে । গ্ৰিজমেন আৰু অলিভাৰ জিৰোদো আৰ্জেন্টাইন শিৱিৰৰবাবে অনবৰতে ভাবুকি হৈয়েই থাকিব  ।  কিন্তু ফাইনেলত  গোণা মহৰদৰে এমবাপেই হব ফৰাচী দলটোৰ প্ৰধান অস্ত্ৰ ।   এষাৰ কথা আছে ।  মহান খেলুৱৈসকলে ভৰিত বল নাথাকিলেও খেলে । মেছি-এমবাপে  সেই জাতৰ খেলুৱৈ । তেওঁলোকৰ  ভৰিত বল নাথাকিলেও প্ৰতিপক্ষই স্বস্তিত  থকাৰ স্ৱাধীনতা নাপায় ।  তেনে বিলাসিতাৰ সৌভাগ্য নঘটে কোনো প্ৰতিপক্ষৰ । যুদ্ধৰ প্ৰেক্ষাপট তেতিয়াই সলনি হয় । তেওঁলোকৰ  ভূমিকাও   সলনি হয় ।  মনত পেলোৱা হওক, ফ্ৰান্স-আৰ্জেন্টিনাৰ আগৰ খেলৰ কথা । মেছি-এমবাপেৰ তুলনাহীন পাছ পাই সতীৰ্থই গ’ল দিছে বহুবাৰ । চলিত বিশ্ব কাপত তেওঁলোক দুয়োজনেই এই পৰ্যন্ত সতীৰ্থৰ তিনিটাকৈ গ’লত নিৰ্ণায়ক পাছ দিছে । দুয়োজনৰ মাজত আন এখন যুঁজো সমান্তৰালকৈ    চলি আছে ।  গ’ল্ডেন বুটৰবাবে যুঁজ  । এই পৰ্যন্ত উভয়েই ৫টাকৈ গ’ল দি  আছে ।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.