বিমান বন্দৰৰ পিছত এইবাৰ ভাৰতীয় ৰে’লৱে সংস্থা IRCTC ত নিজৰ অংশীদাৰত্ব বিক্ৰীৰ পৰিকল্পনা মোডী চৰকাৰৰ

Share This Article

বিমান বন্দৰক বেচৰকাৰী খণ্ডৰ হাতত গটাই দিয়াৰ পিছত এইবাৰ মোডী চৰকাৰে ৰে’লৰ সংস্থা IRCTCত নিজৰ শ্বেয়াৰৰ অংশ বিক্ৰী কৰাৰ সিদ্ধান্ত লৈছে।

CNBC আৱাজৰ এক বাতৰি অনুসৰি IRCTCত ‘Offer For Sale’ৰ জৰিয়তে কেন্দ্ৰীয় চৰকাৰে নিজৰ অংশীদাৰিত্ব বিক্ৰী কৰাৰ চিন্তা চর্চা কৰিছে। ইতিমধ্যে IRCTCত থকা চৰকাৰৰ অংশীদাৰিত্ব বিক্ৰীৰ বাবে বিজ্ঞাপন জাৰি কৰিছে কেন্দ্ৰীয় চৰকাৰৰ বিভাগে। কিন্তু কিমান শতাংশ আসন বিক্ৰী কৰিব, সেই বিষয়ে এতিয়াও বিতংকৈ জানিব পৰা হোৱা নাই।

বিভিন্ন সংবাদ মাধ্যমত প্ৰকাশ পোৱা অনুসৰি অহা ছেপ্টেম্বৰ মাহৰ পৰা বিডিংকে আৰম্ভ কৰি বিভিন্ন প্ৰক্ৰিয়া সমূহ আৰম্ভ হ’ব।

বৰ্তমান IRCTCত কেন্দ্ৰীয় চৰকাৰৰ ৮০ শতাংশতকৈও অধিক অংশীদাৰিত্ব আছে। জানিব পৰা মতে চৰকাৰৰ এই অংশীদাৰত্ব বিক্ৰী নৰেন্দ্ৰ মোডী চৰকাৰৰ ২০২০-২১ বৰ্ষৰ ভিতৰত ২.১ লাখ কোটি টকাৰ disinvestment প্ৰক্ৰিয়াৰ এক অংশ।

featured photo courtesy: National Herald

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.