বিটিআৰে পাব ৬০ খন গাঁও

Share This Article

BTR ত নতুনকৈ অন্তৰ্ভুক্ত হব ৬০খন গাওঁ ।গণৰাজ্য দিৱসত মুখ্যমন্ত্ৰীৰ ঘোষণাৰ পিছতেই ওদালগুৰিৰ বড়ো সমাজত আনন্দৰ বন্যা।মুখ্যমন্ত্ৰীৰ ঘোষণাক আদৰণি এবছুৰ সভাপতি দ্বীপেন বড়োৰ।মুখ্যমন্ত্ৰীয়ে বিটিআৰ চুক্তিৰ মূল দফা দুটা কাৰ্যকৰী কৰাৰ ব্যৱস্থা গ্ৰহণৰ লগতে বড়ো জাতিৰ পিতৃস্বৰূপ বডোফা উপেন্দ্ৰ নাথ ব্ৰহ্মৰ জন্ম দিন সমগ্ৰ অসমতেই ছাত্ৰ দিৱস হিচাপে পালনৰ সিদ্ধান্ত লৈ বডোফাক উচিত সন্মান দিয়াৰ ব্যৱস্থা কৰিছে বুলি প্ৰকাশ কৰে এবছুৰ সভাপতি দ্বীপেন বড়োৱে।মুখ্যমন্ত্ৰীৰ ঘোষণাক বিটিআৰৰ উপমুখ্য কাৰ্য্যবাহী সদস্য তথা ওদালগুৰিৰ বিধায়ক গোবিন্দ বসুমতাৰীয়েও জনালে আদৰণি।বিটিআৰ চুক্তিৰ দফা অনুসৰি বিটিআৰৰ এলেকা বৃদ্ধিৰ সিদ্ধান্ত আদৰণীয়।। বিটিআৰ চুক্তিৰ সকলো দফাৰ সফল ৰূপায়ণ হ’লে বড়ো সমাজে ‌কেতিয়াও পৃথক ৰাজ্যৰ দাবী নকৰে ।বিটিআৰ শান্তি চুক্তিৰ পিছত পৃথক বড়ো ৰাজ্য গঠনৰ দাবী এতিয়া অপ্ৰাসংগিক বুলিও উল্লেখ কৰে ওদালগুৰিৰ ‌বিধায়ক ‌গোবিন্দ বসুমতাৰীয়ে।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.