Investigative reporting with dedication.

প্ৰশ্নকাকত ফাদিল কৰি তেলেংগানা বিজেপিৰ সভাপতি বান্দী সঞ্জয় গ্ৰেপ্তাৰ হয় বিগত বৃহস্পতিবাৰে।তেলেংগানাৰ দশম শ্ৰেণীৰ চূড়ান্ত পৰীক্ষাৰ হিন্দী প্ৰশ্ন কাকত ফাদিল কৰি গ্ৰেপ্তাৰ হোৱা বিজেপি সভাপতিগৰাকীক বৃহস্পতিবাৰে ন্যায়ালয়ে জামিন প্ৰদান কৰে।অৱশ্যে আৰক্ষীয়ে প্ৰশ্নকাকত ফাদিলৰ ঘটনাটোক অস্বীকাৰ কৰিছে।সবাতোকৈ গুৰুত্বপূৰ্ণ বিষয়টো হ’ল বিজেপিৰ সভাপতি বান্দী সঞ্জয়ক গ্ৰেপ্তাৰ কৰা ৱাৰেংগল থানাৰ আৰক্ষী বিষয়া এ ভি ৰংগনাথক বিজেপিৰ আইনী কোষৰ সদস্য নীলম ভাৰ্গৱ ৰামে ভাবুকি প্ৰদান কৰিছে।বিজেপি আইনী কোষৰ যুটীয়া আহ্বায়ক ৰামে টুইটাৰত লিখিছে ‘ কমিছনাৰ,আপোনাৰ চাকৰি ৰাখিবলৈ আপুনি কাম কৰক !আপোনাৰ ফোন কলৰ ৰেকৰ্ডো চোৱা হৈছে,আপুনি কাৰ হেঁচাত এই কামবোৰ কৰিছে আমাৰ তথ্য আছে।বি চি কমিছন আপোনাৰ বাবে দিল্লীত ৰৈ আছে।’অবশ্যে এই টুইটৰ পিছত তেলেংগানা চৰকাৰৰ ডিজিটেল মেডিয়াৰ সঞ্চালক কনাথম দিলীপে বিজেপিৰ সদস্যগৰাকীৰ এই টুইটৰ প্ৰত্যুত্তৰত লিখিছে ‘ মুকলিকৈ ভাবুকি দিয়া বিশেষকৈ এগৰাকী নিষ্ঠাৱান আৰক্ষী বিষয়াক ভাবুকি দিয়াটো বিজেপিৰ নতুন নীতি নেকি?’উল্লেখ্য যে বান্দী সঞ্জয়ক কৰিমনগৰত অৱস্থিত তেওঁৰ শহুৰেকৰ ঘৰৰ পৰা বিগত বুধবাৰে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল।এই গ্ৰেপ্তাৰক ‘বেআইনী’ আখ্যা দিছিল বিজেপিয়ে। আনহাতে,ৱাৰেংগল আৰক্ষীয়ে বান্দী সঞ্জয়ক প্ৰশ্ন কাকত ফাদিল কাণ্ডৰ মূল অভিযুক্ত হিচাপে দোষী সাব্যস্ত কৰিছে।বান্দী সঞ্জয় আৰু ৯ জন লোকক এই গোচৰত অভিযুক্ত কৰা হৈছে।




