“বাদুলীৰ পৰা মানুহৰ দেহলৈ সংক্ৰমিত হৈছে ক’ৰোনা”

Share This Article

সমগ্ৰ বিশ্বৰ কেইবাখনো দেশে ক’ৰোনা ভাইৰাছৰ বাবে জগৰীয়া কৰিছে চীনক। বিশেষকৈ আমেৰিকাই চীনৰ বিৰুদ্ধে বিশ্ব স্বাস্থ্য সংস্থাৰ আগতো প্ৰকাশ কৰিছে কেতবোৰ গুৰুত্বপূৰ্ণ বিষয়। কিন্তু এই অভিযোগ মানি লোৱা নাই চীনে। চীনৰ গৱেষকৰ দাবী –ক’ৰোনা ভাইৰাছ আৰু য়ুহানৰ লেবৰেটৰীৰ ভাইৰাছৰ মাজত কোনো মিল নাই।
বিগত বছৰৰ ডিচেম্বৰ মাহত য়ুহানৰ পৰা ক’ৰোনা ভাইৰাছ সংক্ৰমিত হৈছিল। কিন্তু একাংশ গৱেষকৰ দাবী যে বাদুলীৰ পৰা এই ভাইৰাছ উত্পত্তি হৈছে আৰু তাৰ পৰাই মানৱ শৰীৰত প্ৰৱেশ কৰিছে । বিভিন্ন মহলৰ মতে বিভিন্ন মত। য়ুহানৰ ইনষ্টিটিউট অৱ ভাইৰোলজীৰ সঞ্চালক উয়াং ইয়ানিয়ে এক CGTNৰ এক সাক্ষাত্কাৰত ড’নাল্ড ট্ৰাম্প তথা অন্যসকলৰ অভিযোগ নুই কৰিছে । তেওঁ কয় –“ ক’ৰোনা ভাইৰাছ কোনোৱে লেব’ৰেটৰীত সৃষ্টি কৰোৱা নাই। এই খবৰ ভুৱা। বাদুলীৰ শৰীৰত থকা ভাইৰাছৰ পৰীক্ষণ চলিছে। ইতিমধ্যে জীৱন্ত ভাইৰাছৰ তিনিটা প্ৰকাৰ ধৰা পৰিছে। তাৰ সৈতে SARS Cov2ৰ সাদৃশ্য ৭৯.৮ শতাংশ।” তেওঁ লগতে কয় যে ২০১৯চনৰ ৩০ ডিচেম্বৰৰ দিনা এটা অজ্ঞাত ভাইৰাছৰ উপস্থিতি ধৰা পৰিছিল। ভাইৰাছটোৰ জিনৰ গঠন জানুৱাৰীত পোৱা গৈছিল। ১১ জানুৱাৰীত বিশ্ব স্বাস্থ্য সংস্থাক এই সন্দৰ্ভত ৰিপৰ্ট দিয়া হৈছিল। কিন্তু ডিচেম্বৰৰ পূৰ্বে এই ভাইৰাছৰ কোনো কথা গম পোৱা নাছিল চীনে।
সেয়ে এতিয়া গৱেষণাৰ লেব’ৰেটৰীৰ পৰা সেই ক’ৰোনা ভাইৰাছ কিদৰে বিস্তাৰিত হৈছিল, এই সন্দৰ্ভত প্ৰশ্ন উত্থাপন কৰিছে চীনে।

Click here to like us on Facebook. Don’t miss our video reports as well. Click here to subscribe us on Youtube.

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.