Investigative reporting with dedication.

বিটিআৰ চৰকাৰৰ উদ্যোগত কোকৰাঝাৰত বড়োলেণ্ড সামাজিক পৰামৰ্শদান কেন্দ্ৰ মুকলি ।কোকৰাঝাৰ চহৰৰ বিবেকানন্দ পথৰ হিন্দী স্কুলৰ সমীপত মুকলি কৰা হয় এই কেন্দ্ৰটো ।আনুষ্ঠানিকতাৰে মুকলি কৰে বিটিআৰৰ সমাজ কল্যাণ বিভাগৰ কাৰ্যবাহী সদস্য গৌতম দাসে ।বিটিআৰৰ কোকৰাঝাৰকে ধৰি চিৰাং, বাগছা , ওদালগুৰি আৰু তামুলপুৰ জিলাতো অনুৰূপ কেন্দ্ৰ এটাকৈ মুকলি কৰা হ’ব ।কেন্দ্ৰটোৰ দ্বাৰা সমাজত হিংসাৰ বলি হোৱা শিশু কিশোৰ কিশোৰী , মনস্তাত্বিক নিৰাময় , বাল্য বিবাহ, গৃহ কন্দল, নিচাসক্ত দ্ৰব্য সেৱন, উদ্যমী ব্যক্তি আৰু উচ্চ শিক্ষিত পৰিয়ালৰ আৰ্থিক সমস্যাকে ধৰি বিভিন্ন দিশত সামাজিক ন্যায় প্ৰদানৰ সেৱাৰ্থে উক্ত কেন্দ্ৰটো মুকলি কৰা হৈছে ।উদ্বোধনী অনুষ্ঠানত বিটিআৰৰ বিজেপি পাৰিষদ ৰাজীৱ কুমাৰ ব্ৰহ্ম, বিটিআৰৰ যুটীয়া সচিব পামী ব্ৰহ্মৰ লগতে সমাজ কল্যাণ বিভাগৰ বিষয়ববীয়া সকলো উপস্থিত থাকে ।




