বজৰং কৰ্মীৰ হত্যাৰ প্ৰতিবাদ

Share This Article

শম্ভু কৈৰী হত্যাৰ বিৰুদ্ধে হাইলাকান্দিত বজৰং দল আৰু বিশ্ব হিন্দু পৰিষদৰ প্ৰতিবাদী সমদল। হাইলাকান্দিত বিশ্ব হিন্দু পৰিষদ বজৰং দলৰ উত্তাল প্ৰতিবাদ। কৰিমগঞ্জ জিলাৰ লোৱাইৰপুৱাত বজৰং দলৰ কৰ্মী শম্ভু কৈৰীক হত্যাৰ বিৰুদ্ধে এই প্ৰতিবাদ সাব্যস্ত কৰে হাইলাকান্দি জিলা বজৰং দল আৰু বিশ্ব হিন্দু পৰিষদ ।বুধবাৰে দিনৰ ২ বজাত হাইলাকান্দি নগৰৰ মঙ্গলধাম কালী মন্দিৰ প্ৰাঙ্গনৰ পৰা এক বিশাল সমদল বাহিৰ কৰি মৌলবাদী আৰু জেহাদী শক্তিৰ বিৰুদ্ধে বিভিন্ন শ্লোগান দি প্ৰতিবাদ সাব্যস্ত কৰে । লগতে প্ৰয়াত সম্ভু কৈৰীৰ পৰিৱালক ৫০ লাখ টকাৰ ক্ষতিপুৰণ দিয়াৰো দাবী উত্থাপন কৰে প্ৰতিবাদক‍াৰী সকলে ।লগতে তেওঁৰ পৰিয়ালৰ এজন সদস্যক সংস্থাপনৰ ব্যৱস্থা কৰিবলৈ দাবী উত্থাপন কৰে। উল্লেখ্য যে বিগত ৮ জানুৱাৰীত হাইলাকান্দিত চলি থকা বজৰং দলৰ প্ৰশিক্ষণ বৰ্গ সমাপ্ত কৰি কৰিমগঞ্জ জিলাৰ লোৱাইৰপুৱাত নিজৰ ঘৰলৈ উভতি আহি থকা অৱস্থাত শম্ভু কৈৰীক হত্যা কৰা হৈছিল ।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.