বজাৰত অদৃশ্য শক্তি! কৃষকে ২০ টকাত বিক্ৰী কৰা পাচলি বজাৰত কেনেকৈ বিক্ৰী হ’য় ১০০ টকাত?

 

ছয় মাইলৰ এখন পাচলিৰ দোকানত গ্ৰাহকৰ বেশত উপস্থিত হ’ল দ্য ক্ৰছকাৰেণ্টৰ সাংবাদিক৷ দোকানৰ গৰাকীক সোধা গ’ল পাচলিৰ দাম৷ দোকানীয়ে ক’লে, লেছেৰা ১০০ টকা কিলো৷ এক পোৱাত ৩০ টকা৷ জিকা ৭০ টকা কিলো৷ সাংবাদিকৰ গোপন কেমেৰাত বন্দী হৈ ৰৈছে সেই দৃশ্য৷ কিছু সময়ৰ পাছত একেখন দোকানত সাংবাদিকৰ পৰিচয়েৰে উপস্থিত হ’ল দ্য ক্ৰছকাৰেণ্টৰ সাংবাদিক৷ এইবাৰ একেজন দোকানীয়ে ক’লে, লেছেৰাৰ দাম ৮০ টকা আৰু জিকাৰ দাম ৬০ টকা৷ ইয়াৰ পৰাই ষ্পষ্ট যে, বজাৰত গ্ৰাহকে জুখতকৈ অত্যাধিক মূল্যত পাচলি ক্ৰয় কৰিব লগা হৈছে৷ কিন্তু একেখিনি লেছেৰা অথবা জিকা কৃষকে ব্যৱসায়ীক বিক্ৰী কৰিছে ২০ টকা অথবা ৩০ টকাত৷ পথাৰৰ পৰা আনি কৃষকে ২০ টকাত বিক্ৰী কৰা লেছেৰাৰ দাম বজাৰত কেনেকৈ ১০০ টকা হ’ল তাৰ সৱিশেষ ৰহস্য পোহৰলৈ আহিছে দ্য ক্ৰছকাৰেণ্টৰ গ্ৰাউণ্ড জিৰ’ অনুসন্ধানত৷

 

গুৱাহাটীৰ পাচলিৰ বজাৰ

 

‘মিঞাই’ বৃদ্ধি কৰিছে  নেকি পাচলিৰ দাম?

 

চুৰহাব আলীও ‘মিঞা’৷ চুৰহাবে পাচলিৰ খেতি কৰে৷ খেতিৰ ফচল ওচৰৰ বেচিমাৰী বজাৰত বিক্ৰী কৰে চুৰহাবে৷ একো একোটা কোমোৰা চুৰহাবে শেহতীয়াকৈ বিক্ৰী কৰিছে ৮ টকা অথবা ১০ টকাত৷ কেতিয়াবা কেতিয়াবা চুৰহাবে বেঙেনা বিক্ৰী কৰিছে ১০ টকাতো৷ চুৰহাবে লেছেৰা বিক্ৰী কৰিছে ২০ টকাত৷ এয়া মাত্ৰ ৩ বিধ পাচলিৰ উদাহৰণহে৷ প্ৰতিবিধ পাচলিয়েই অতি কম দামত চুৰহাবে গতাই দিয়ে ব্যৱসায়ীৰ হাতত৷ ব্যৱসায়ীয়ে সেইসমূহ পাচলি লৈ যায় গুৱাহাটীলৈ৷ চুৰহাব আলীও মিঞা৷ কিন্তু এটা কথা নিশ্চিতি দি ক’ব পাৰি যে মিঞা হ’লেও পাচলিত অধিক দাম লোৱা নাই চুৰহাবে৷ তেন্তে পাচলিৰ দাম বাঢ়িছে কাৰ বাবে?

 

পথাৰ বনাম বজাৰ

 

মধ্যভোগীৰ বাবেহে বাঢ়িছে শাক -পাচলিৰ দাম৷ খাৰুপেটীয়াত খেতিয়কে ব্যৱসায়ীক ২০ টকাৰ পৰা ২৫ টকাৰ ভিতৰত বিক্ৰী কৰে জিকা৷ গুৱাহাটী আহি পোৱাৰ পাছতেই সেই জিকাৰ দাম হৈ পৰে ৭০ টকা পর্যন্ত৷ একেদৰে খেতিয়কে ১৬ টকাত বিক্ৰী কৰা ভোলৰ গুৱাহাটীৰ বজাৰত দাম ৫০ টকা৷ ১ কেজি বেঙেনা ১০ টকাতো বিক্ৰী কৰে খেতিয়কে৷ কিন্তু একেদিনাই একেখিনি বেঙেনা গুৱাহাটীত বিক্ৰী হয় প্ৰায় ৭০ টকাত৷ ঠিক তেনেদৰে খেতিয়কৰ ৬০ টকাৰ জলকীয়া ১৩০ টকাত,১০ টকাৰ কোমোৰা ৪০ টকাত,৩০ টকাৰ ভেণ্ডি ১২০ টকাত,২০ টকাৰ লেছেৰা ১০০ টকাত,১৫ টকাৰ তিয়ঁহ ৬০ টকাত আৰু ২৫ টকাৰ কেৰেলা গুৱাহাটীৰ বজাৰত বিক্ৰী হৈছে ১০০ টকাত৷ খেতিয়কে ৪ মাহ কষ্ট কৰি উৎপাদন কৰা কেৰেলাৰ প্ৰতি কেজিত লাভ কৰে ২৫ টকা৷ কিন্তু বজাৰত খুচুৰা ব্যৱসায়ীয়ে সেই কেজি কেৰেলা বিক্ৰী কৰে ১০০ টকাত৷ ধৰি লওক, খুচুৰা ব্যৱসায়ীজনে প্ৰতি কেজি কেৰেলাত লাভ অর্জন কৰিলে ১০ টকাকৈ৷ কিন্তু বাকী ৬৫ টকা যায় কাৰ হাতলৈ? কোন মধ্যভোগীয়ে প্ৰতি কেজি কেৰেলাত লুণ্ঠন চলায় ৬৫ টকাকৈ? ৰাজ্যত শাক- পাচলিৰ অভাৱনীয় দামবৃদ্ধিৰ প্ৰকৃত কাৰণ বিচাৰি অসমৰ অন্যতম পাচলি বজাৰ খাৰুপেটীয়া বজাৰ ,খাৰুপেটীয়াৰ পথাৰ,গুৱাহাটীৰ কেইখনমান বৃহৎ পাইকাৰী বজাৰ আৰু খুচুৰা বজাৰত ‘দ্য ক্ৰছকাৰেণ্ট’ৰ এক চৰজমিন অনুসন্ধান৷

 

 

প্ৰতি কেজি জিকাত কৃষকে পায় ২০ টকা,এটা কোমোৰাৰ দাম ১০ টকা

 

৬ আগষ্টৰ পুৱাই খাৰুপেটীয়াৰ বেচিমাৰী অঞ্চলৰ নদীৰ কাষৰ এখন কৃষিপ্ৰধান গাঁৱত উপস্থিত হৈছিলগৈ ‘দ্য ক্ৰছকাৰেণ্ট’ৰ প্ৰতিনিধি৷ গাঁওখনৰ ১০ জনতকৈ অধিক কৃষকক সাক্ষাৎ কৰি পৰিদর্শন কৰা হৈছিল তেওঁলোকৰ কৃষিভূমি৷ এই সকল কৃষকে নিজৰ ফচল বিক্ৰী কৰে বেচিমাৰী বজাৰত৷ তাৰ পৰা গুৱাহাটী,ডিব্ৰুগড়,যোৰহাটকে আদি কৰি অসমৰ ভিন্ন প্ৰান্তলৈ সৰবৰাহ হয় শাক পাচলি৷ চুৰহাৰ আলী নামৰ এগৰাকী কৃষকে জনোৱা অনুসৰি,তেওঁলোকে বর্তমান সময়ত একো একোটা জাতিলাওত লাভ কৰে সর্বাধিক ২০ টকা৷প্ৰতিকেজি ভোলত ১৫ ৰ পৰা ২০ টকা,জিকাত ১৫ ৰ পৰা ২০ টকা,তিয়ঁহত ১৫ টকা,ভেণ্ডিত ২ টকা,বেঙেনাত ১০ ৰ পৰা ৪০ টকা,কেৰেলাত ৩০ টকা আৰু প্ৰতিটো কোমোৰাত লাভ কৰে মাত্ৰ ১০ টকা৷ বিলাহীৰ দামৰ কথাও তেওঁলোকৰ পৰা জানিবলৈ বিচৰা হৈছিল৷ কিন্তু বিগত সময়ৰ বানত বিলাহীৰ খেতি সম্পূর্ণৰূপে নষ্ট হৈ পৰিছে৷ শেষবাৰ তেওঁলোকে দুটকা দামতো বিক্ৰী কৰিছিল বিলাহী৷ কিন্তু কৃষকৰ এই দাবী সচাঁনে? এইবাৰ গোপন কেমেৰা লৈ বেচিমাৰী বজাৰত ‘দ্য ক্ৰছকাৰেণ্ট’ৰ অভিযান৷

খাৰুপেটীয়াৰ নদীৰ কাষ গাঁওৰ এজন কৃষক

 

 কৃষক উপেক্ষিত,ব্যৱসায়ীয়ে নির্ধাৰণ কৰে পাচলিৰ দাম

 

৭ আগষ্টৰ পুৱা ৫ বজাৰ পৰা বেচিমাৰী বজাৰত উপস্থিত আছিল ‘দ্য ক্ৰছকাৰেণ্ট’ৰ প্ৰতিনিধি দল৷ ইতিমধ্যে অঞ্চলটোৰ ভিন্ন প্ৰান্তৰ পৰা বস্তাই বস্তাই পাচলি লৈ বেচিমাৰী বজাৰত উপস্থিত হৈছিহি স্থানীয় কৃষক৷ অন্যান্য ঠাইৰ পাচলিও উপলব্ধ হৈছে বজাৰত৷ গতানুগতিকভাবেই কৃষক আৰু ব্যৱসায়ীৰ মাজত আৰম্ভ হ’ল পাচলিৰ দৰদাম৷ গোপন কেমেৰা লৈ ‘দ্য ক্ৰছকাৰেণ্ট’ৰ প্ৰতিনিধি ব্যৱসায়ীৰ বেশত কাষ চাপিল কৃষকৰ৷ পাচলি বিক্ৰী কৰিবলৈ অহা এজন কৃষকক ‘দ্য ক্ৰছকাৰেণ্ট’ৰ প্ৰতিনিধিয়ে সুধিছিল তিয়ঁহৰ দাম৷ কৃষকজনে ১৫ টকা বুলি উত্তৰ দিলে৷ বর্ধিত দামৰ দোহাই দি প্ৰতিনিধিয়ে তিয়ঁহ কিনিবলৈ অস্বীকাৰ কৰিলে৷ এইবাৰ কৃষকজনে ক’লে, ‘লৈ লওঁক,কিবা এটা মিলাই দিব৷’ ইয়াৰ পৰাই প্ৰমাণ হয়, যে সিদিনা ১৫ টকাতকৈ কম মূল্যত বেচিমাৰী বজাৰত বিক্ৰী হৈছিল তিয়ঁহ৷ লক্ষণীয়ভাবে পাচলি ক্ৰয়ৰ সময়ত ব্যৱহাৰ নহয় ৰচিদো৷ বেচিমাৰী বজাৰত সাধাৰণতেই পাচলিৰ দাম নির্ধাৰণ কৃষকৰ দ্বাৰা নহয়৷ পাচলিৰ দাম নির্ধাৰণ হয় ব্যৱসায়ীৰ দ্বাৰা৷ ‘দ্য ক্ৰছকাৰেণ্ট’ৰ গোপন কেমেৰাত বন্দী হৈছিল ব্যৱসায়ী আৰু কৃষকৰ দৰদাম প্ৰক্ৰিয়াৰ দৃশ্য৷ এজন কৃষকে প্ৰতি কেজি কেৰেলাত ৩০ টকাকৈ বিচাৰিছিল৷ কিন্তু কেৰেলাৰ গুণাগুণ বেয়া বুলি কৈ ব্যৱসায়ীয়ে ২৫ টকাহে দিবলৈ ৰাজি হৈছিল৷ একেদিনাই বজাৰখনত লগ পোৱা আন এজন কৃষকে জনোৱা মতে, শেহতীয়া সময়ত বেচিমাৰী বজাৰত জলকীয়াৰ দাম সর্বাধিক হৈছেগৈ ৭০ টকা৷ সেই দিনটোত বেচিমাৰী বজাৰত তিয়ঁহ বিক্ৰী হৈছিল ১৫ টকাত,বেঙেনা বিক্ৰী হৈছিল ১০ টকাৰ পৰা ২২ টকাত,প্ৰতিটো ৰঙালাও বিক্ৰী হৈছিল ১২ টকাত, প্ৰতি কেজি কচু বিক্ৰী হৈছিল ২৫ টকাত,বিলাহী বিক্ৰী হৈছিল ৬০ ৰ পৰা ৭০ টকাত, তিতা কেৰেলা বিক্ৰী হৈছিল ২৫ টকাত,কোমোৰা বিক্ৰী হৈছিল ৮ ৰ পৰা ১০ টকাত, জিকা বিক্ৰী হৈছিল ২০ ৰ পৰা ২৫ টকাত আৰু ভোল বিক্ৰী হৈছিল ১৬ ৰ পৰা ১৮ টকাৰ ভিতৰত৷ ব্যৱসায়ী আৰু কৃষকৰ মাজত হোৱা কথোপ কথন আৰু কৃষক আৰু ব্যৱসায়ীয়ে দিয়া ভাষ্যৰ জৰিয়তে এই তথ্য দাঙি ধৰা হৈছে৷

 

বেচিমাৰী বজাৰ

 

 ৩ ঘন্টাত ১৬ টকাৰ পৰা কেনেকৈ ৪০ টকা হৈছিল ভোলৰ দাম?

 

বেচিমাৰী বজাৰত পাচলি কিনি গুৱাহাটী অভিমুখে ৰাওনা হোৱা কেইবাখনো গাড়ী পিছা কৰিছিল ‘দ্য ক্ৰছকাৰেণ্ট’ৰ প্ৰতিনিধিয়ে৷গুৱাহাটীত প্ৰৱেশ কৰাৰ পাছত ইয়াৰে এখন ব’লেৰ’ পিক ভান ৰখা দেখা গ’ল জালুকবাৰীত৷ গাড়ীৰ পৰা কেইটামান পাচলিৰ বস্তা নমাই দিয়া হ’ল পদপথত বহা এখন পাচলিৰ দোকানত৷ ‘দ্য ক্ৰছকাৰেণ্ট’ৰ কেমেৰাত বন্দী হোৱা দৃশ্য অনুসৰি, সেই সমূহ বস্তাত আছিল জিকা,লেচেৰা,তিয়ঁহ,ভোল আদি পাচলি৷ দোকানৰ গৰাকীয়ে সেই সমূহ বিক্ৰী কৰিবলৈ ইতিমধ্যে দোকানত মেলি দিলে৷ কিছু সময়ৰ পাছতেই দুগৰাকী যুৱতী সেই দোকানত ৰ’ল পাচলি কিনিবলৈ৷ ‘দ্য ক্ৰছকাৰেণ্ট’ৰ আগত যুৱতী দুগৰাকীয়ে দিয়া ভাষ্য অনুসৰি, তেওঁলোকে ৪০ টকাত ক্ৰয় কৰিছে এক কেজি ভোল৷ অর্থাৎ খাৰুপেটীয়াৰ পৰা গুৱাহাটীত প্ৰৱেশ কৰাৰ লগে লগেই ৩ ঘণ্টাৰ ভিতৰত এক কেজি ভোলৰ দাম ১৬ টকাৰ পৰা বৃদ্ধি হ’ল ৪০ টকালৈ৷

 

বেচমাৰীৰ পৰা পাচলি লৈ গুৱাহাটী অভিমুখে এখন বাহন

 

 

কৃষকৰ পৰা ন্যূনতম দামত ক্ৰয় কৰি কোনে বর্ধিত দামত বিক্ৰী কৰে পাচলি?

 

 

বেচিমাৰী বজাৰৰ পৰা পাচলি ক্ৰয় কৰিবলৈ ৰাজ্যৰ ভিন্ন প্ৰান্তৰ পৰা আহে ব্যৱসায়ী৷ সাধাৰণতে ৰাজ্যৰ ভিন্ন প্ৰান্তৰ পাইকাৰী পাচলি ব্যৱসায়ীৰ সৈতে এক বৃহৎ নেটৱর্ক আছে বেচিমাৰী বজাৰত সষ্টম হৈ থকা একাংশ ব্যৱসায়ীৰ৷ এইসকল ব্যৱসায়ীয়ে কৃষকৰ পৰা পাচলি ক্ৰয় কৰি ভিন্ন জিলাৰ ব্যৱসায়ীলৈ প্ৰেৰণ কৰে৷ এইদৰে বেচিমাৰীত পাচলি ক্ৰয় কৰা কেইজনমান ব্যৱসায়ীৰ লগত পৰিচয় গোপন ৰাখি কথা পাতিছিল ‘দ্য ক্ৰছকাৰেণ্ট’ৰ প্ৰতিনিধিয়ে৷ ইয়াৰে এজন ব্যৱসায়ীয়ে কোৱা অনুসৰি, তেওঁ ক্ৰয় কৰা পাচলি প্ৰেৰণ কৰা হ’ব গুৱাহাটীৰ বেহাৰবাৰীলৈ৷ ‘ ৯ বজাত আমাৰ কেইবাখনো গাড়ী গুৱাহটীলৈ পাচলি লৈ গুচি গৈছে৷ সেইখিনি বেহাৰবাৰীৰ ব্ৰহ্মপুত্ৰ বজাৰলৈ যাব৷ তাত আমাৰ মানুহ আছে৷ আমাৰ মানুহে সেইখিনি পাইকাৰী বেপাৰীক বিক্ৰী কৰিব৷ গাড়ী কেইখন ঘূৰি অহাৰ পাছত ৰাতি আকৌ পাচলি লৈ যোৱা হ’ব৷’ ব্যৱসায় সংক্ৰান্তীয় অচিলা লৈ কথা পাতি থকাৰ মাজতে ‘দ্য ক্ৰছকাৰেণ্ট’ৰ প্ৰতিনিধিক ব্যৱসায়ীজনে কয়, ‘এইটো এটা লাভজনক ব্যৱসায়৷ বেচিমাৰীৰ পৰা এক গাড়ী পাচলি গুৱাহাটীলৈ নিলে যাতায়াত আৰু শ্ৰমিককে ধৰি সর্বমুঠ ব্যয় হ’ব প্ৰতি কেজিত পাচলিত প্ৰায় ৩ টকাৰ পৰা ৫ টকা৷’ একেদৰে বেচিমাৰী বজাৰত লগ পোৱা আন এজন ব্যৱসায়ীয়ে কয়, ‘সন্ধিয়া ইয়াৰ পৰা আমাৰ গাড়ীবোৰ ওলাব৷ সেইবোৰ আমাৰ মানুহে পুৱতি নিশাৰ পৰা ফাচী বজাৰত পাইকাৰী হাৰত বিক্ৰী কৰিব৷’ কৃষকক সামগ্ৰী ক্ৰয়ৰ সময়ত ৰছিদ নিদিয়া সন্দর্ভত প্ৰশ্ন কৰা হৈছিল এজন ব্যৱসায়ীক৷ ব্যৱসায়ীজনৰ উত্তৰ, ‘ ৰছিদ দিবলৈ আছে? আমি নিকিনিলে সেইবোৰ গেলি পচি যাব৷’ উল্লেখ্য যে, বেচিমাৰীৰ পৰা ব্যৱসায়ীয়ে ৰাজ্যৰ অনান্য প্ৰান্তৰ ওপৰিও পাচলি প্ৰেৰণ কৰে গুৱাহাটীৰ ফাচী বজাৰ,বেহাৰবাৰী,গড়চুক,নাৰেংগী,পামহি আদিলৈ৷ তাৰ পৰাই খুচুৰা ব্যৱসায়ী ক্ৰয় কৰি বিক্ৰী কৰে গুৱাহাটীৰ বিভিন্ন বজাৰত৷

 

কৃষকে দাম নোপোৱা পাচলি গুৱাহাটীত কিমান দামত কিনে গ্ৰাহকে?

 

 

৮ আগষ্টত ‘দ্য ক্ৰছকাৰেণ্টে’ চৰজমিন অনুসন্ধান চলাইছিল গুৱাহাটীৰ বিভিন্ন বজাৰত৷ গণেশগুৰিৰ এজন খুচুৰা ব্যৱসায়ীয়ে জনোৱা মতে, তেওঁ কোমোৰা বিক্ৰী কৰিছে ৪০ টকাত৷ জালি কোমোৰাৰ দাম ৮০ টকা৷ অথচ, খাৰুপেটীয়াত প্ৰতিটো কোমোৰাৰ মূল্য আছিল ৮ টকাৰ পৰা ১০ টকা৷ একেটা দিনত গণেশগুৰিত ভোল বিক্ৰী হৈছে ৫০ টকাত, বেচিমাৰীত যাৰ দাম আছিল মাত্ৰ ১৬ টকা৷ একেদৰে গনেশগুৰিত তিয়ঁহ বিক্ৰী হৈছিল ৬০ টকাত,যাৰ মূল্য বেচিমাৰীত আছিল ১৫ টকা৷ ৷ একেজন ব্যৱসায়ীয়ে গণেশগুৰিত জিকা বিক্ৰী কৰিছে ৭০ টকাত৷ খাৰুপেটীয়াত কৃষকে জিকাত সর্বোচ্চ দাম পাইছে ২৫ টকা৷ গণেশগুৰিত প্ৰতি কেজি লেচেৰাৰ মূল্য ১০০ টকা৷ খাৰুপেটীয়াত কৃষকে পাইছে ২০ টকাৰ পৰা ৪০ টকা৷ একেদৰে খাৰুপেটীয়াৰ ১২ টকাৰ ৰঙলাওৰ মূল্য গণেশগুৰিত ৪০ টকা৷ অন্যহাতে গণেশগুৰিত প্ৰতি কেজি তিতা কেৰেলাৰ দাম ১০০ টকা পর্যন্ত৷ অথচ খাৰুপেটীয়াত ইয়াৰ দাম আছিল ২৫ টকা৷ খাৰুপেটীয়াৰ ১৫ টকাৰ জাতিলাও ৫০ টকাত বিক্ৰী কৰা বুলিও অৱগত কৰে গণেশগুৰিৰ খুচুৰা ব্যৱসায়ীয়ে৷ ভেণ্ডিৰ দামো গণেশগুৰিত ১২০ টকা৷  ‘দ্য ক্ৰছকাৰেণ্ট’ৰ একেই অভিযান চলিছিল দিছপুৰ চুপাৰ মার্কেট আৰু ছয়মাইলৰ পাচলি বজাৰত৷ খুচুৰা ব্যৱসায়ীয়ে জনোৱা অনুসৰি,ভোল চুপাৰ মার্কেটত ৪০ আৰু ছয় মাইলত ৫০ টকা,তিয়ঁহ চুপাৰ মার্কেটত ৫০ আৰু ছয়মাইলত ৬০ টকা, ভেণ্ডি চুপাৰ মাকের্ট আৰু ছয়মাইল উভয়তে ৬০ টকা,জিকা উভয় বজাৰতে ৬০ টকা, বেঙেনা চুপাৰ মাকের্টত ৫০ ৰ পৰা ৭০ আৰু ছয়মাইলত ৬০ টকা৷ লেছেৰা দুয়োখন বজাৰতে ৮০ টকা আৰু কেৰেলা দুয়োখন বজাৰতে ৬০ টকা৷

 

খুচুৰা ব্যৱসায়ীয়ে কিয় অধিক দামত বিক্ৰী কৰিছে পাচলি?

 

‘কৃষকে ২০ টকাত বিক্ৰী কৰা লেছেৰা কিয় আপোনালোকে ১০০ টকাত বিক্ৰী কৰিছে গ্ৰাহকক?’ ঠিক এই প্ৰশ্নটোকেই কৰা গৈছিল মহানগৰীৰ কেইজনমান খুচুৰা পাচলি ব্যৱসায়ীক৷ ব্যৱসায়ী সকলৰ উত্তৰ, ‘ আমি কিনা দামতকৈ মাত্ৰ ১০ টকা বেছিকৈ লও৷’ গণেশগুৰিৰ এগৰাকী খুচুৰা ব্যৱসায়ীয়ে ‘দ্য ক্ৰছকাৰেণ্ট’ৰ আগত কয়, ‘ আমি ফাচী বজাৰৰ পৰা পাচলি আনিছো৷ জিকা,তিয়ঁহ,ভোল আৰু ভেণ্ডি আমি ৪০ টকাত পাইকাৰীকৈ কিনিছো৷ বেঙেনা কিনিছো ৫০ টকাত৷প্ৰতি কেজিত কিনা দামতকৈ মাত্ৰ আমি ১০ টকা বেছি লৈছো৷’ দিছপুৰ চুপাৰ মার্কেটৰ এগৰাকী ব্যৱসায়ীয়ে জনোৱা অনুসৰি, তেওঁ বেহাৰবাৰীৰ ব্ৰহ্মপুত্ৰ মার্কেটৰ পৰা জিকা,তিয়ঁহ,ভেণ্ডি আৰু বেঙেনা ৪০ টকাত ক্ৰয় কৰিছে৷ একেদৰে লেছেৰা ক্ৰয় কৰিছে ৭০ টকাত৷ এইজন ব্যৱসায়ীয়েও কিনা দামতকৈ গ্ৰাহকক ১০ টকা অধিক দামত বিক্ৰী কৰা বুলি অৱগত কৰিছে৷ একদৰে ছয়মাইলৰ এজন খুচুৰা ব্যৱসায়ীয়ে পামহি বজাৰৰ পৰা ৪০ টকা কেজিত জিকা,তিয়ঁহ আৰু ভোল,৪৫ টকাত জাতিলাও আৰু ৫০ টকাত কেৰেলা ক্ৰয় কৰা বুলি অৱগত কৰিছে৷ প্ৰশ্ন উত্থাপন হ’ব, কৃষকৰ পৰা কিনি আনি খুচুৰা ব্যৱসায়ীক পাইকাৰী দামত বিক্ৰী কৰা ব্যৱসায়ীয়েই পাচলিৰ বজাৰত চলাইছে নেকি লুণ্ঠনৰাজ? এইবাৰ ফাচী বজাৰত ‘দ্য ক্ৰছকাৰেণ্ট’ৰ চৰজমিন অনুসন্ধান৷

 

 ফাচী বজাৰত কি দেখিলে ‘দ্য ক্ৰছকাৰেণ্টে’?

 

৯ আগষ্টৰ পূৱা ৫ বজাত ফাচী বজাৰত ‘দ্য ক্ৰছকাৰেণ্ট’ৰ অনুসন্ধান৷ ইতিমধ্যে খাৰুপেটীয়াকে আদি কৰি ভিন্ন ঠাইৰ পৰা অহা বাহনৰ পৰা পাচলি নমাই পাইকাৰী দামত বিক্ৰী কৰিছে ব্যৱসায়ীয়ে৷ খাৰুপেটীয়াৰ পৰা পাচলি আনি পাইকাৰী মূল্যত বিক্ৰী কৰা এজন ব্যৱসায়ীয়ে জনোৱা অনুসৰি, তেওঁ খাৰুপেটীয়াৰ পৰা অনা জিকা ৫০ টকাত বিক্ৰী কৰা বুলি অৱগত কৰিছে৷ একেদৰে ফাচী বজাৰত পাইকাৰী মূল্যত বিক্ৰী হোৱা পাচলিৰ ভিতৰত ভোল বিক্ৰী হৈছে ৩৬ টকাত,তিয়ঁহ বিক্ৰী হৈছে ৪০ টকাত,এটা এটা জাতিলাও বিক্ৰী হৈছে ৩৫ টকাত,তিতা কেৰেলা বিক্ৰী হৈছে ৫০ টকাত ভেণ্ডি বিক্ৰী হৈছে ৫০ টকাত আৰু জলকীয়া বিক্ৰী হৈছে ১২০ টকাত৷

 

 কেনেকৈ বাঢ়ে পাচলিৰ দাম?

 

‘দ্য ক্ৰছকাৰেণ্ট’ৰ অনুসন্ধান আৰু বিশ্লেষণ অনুসৰি,কৃষকে ২০ টকাতো বিক্ৰী কৰা জিকা ব্যৱসায়ীয়ে খুচুৰা ব্যৱসায়ীক বিক্ৰী কৰিছে ৫০ টকাত৷ সেই জিকা বজাৰত বিক্ৰী হৈছে ৬০ ৰ পৰা ৭০ টকাত৷ এই প্ৰক্ৰিয়াত প্ৰায় ৪ মাহ প্ৰতিপালন কৰাৰ পাছত কৃষকে প্ৰতি কেজি জিকাত লাভ কৰিছে মাত্ৰ ২০ টকা৷ অন্যহাতে কৃষকৰ পৰা কিনি আনি পাইকাৰীত বিক্ৰী কৰা ব্যৱসায়ীয়ে মাত্ৰ ৩-৪ ঘণ্টাৰ ভিতৰতে লাভ কৰিছে ৩০ টকা৷ দিনটোৰ ভিতৰত সেইখিনি জিকা বিক্ৰী কৰি খুছুৰা ব্যৱসায়ীয়ে লাভ কৰিছে ১০ টকা৷ একেদৰে কৃষকে লেচেৰা বিক্ৰী কৰিছে সর্বোচ্চ ৪০ টকাত৷ পাইকাৰী মূল্যত সেই লেচেৰা ব্যৱসায়ীয়ে খুচুৰা ব্যৱসায়ীক বিক্ৰী কৰিছে ৯০ টকাত৷ খুচুৰা ব্যৱসায়ীয়ে আকৌ বিক্ৰী কৰিছে ১০০ টকাত৷ এই প্ৰক্ৰিয়াত কৃষকৰ কষ্টৰ মূল্য ৪০ টকা, মধ্যভোগী ব্যৱসায়ীৰ ৩-৪ ঘণ্টাৰ ভিতৰত লাভ ৫০ টকা আৰু খুচুৰা ব্যৱসায়ীৰ লাভ ১০ টকা৷ কৃষকে তিয়ঁহ বিক্ৰী কৰিছে ১৫ টকাত৷ ব্যৱসায়ীয়ে গুৱাহাটীলৈ আনি খুচুৰা ব্যৱসায়ীক বিক্ৰী কৰিছে ৪০ টকাত৷ খুচুৰা ব্যৱসায়ীয়ে গ্ৰাহকক বিক্ৰী কৰিছে ৫০ অথবা ৬০ টকাত৷ ইয়াত প্ৰতি কেজি তিয়ঁহত কৃষকৰ কষ্টৰ মূল্য ১৫ টকা, মধ্য ভাগৰ ব্যৱসায়ীৰ লাভ ২৫ টকা আৰু খুচুৰা ব্যৱসায়ীৰ লাভ ১০ টকা৷ একেদৰে খাৰুপেটীয়াত কৃষকে বেঙেনা বিক্ৰী কৰিছে ২২ টকাত৷ কোনো কোনো ক্ষেত্ৰত বিক্ৰী কৰিছে ১০ টকাত৷ কৃষকৰ পৰা কিনি খুচুৰা ব্যৱসায়ীক বিক্ৰী কৰিছে ৫০ অথবা ৬০ টকাত৷ খুচুৰা ব্যৱসায়ীয়ে গ্ৰাহকক বিক্ৰী কৰিছে ৬০ অথবা ৭০ টকাত৷ ইয়াত কৃষকৰ কষ্টৰ মূল্য ১০ ৰ পৰা ২২ টকা, ব্যৱসায়ীৰ লাভ প্ৰায় ৪০ টকা আৰু খুচুৰা ব্যৱসায়ীৰ লাভ ১০ টকা৷ এয়া মাত্ৰ কেইটামান উদাহৰণহে৷ লক্ষণীয়ভাবে ‘দ্য ক্ৰছকাৰেণ্ট’ৰ প্ৰতিনিধিক বেচিমাৰীত পাচলি ক্ৰয় কৰা ব্যৱসায়ীয়ে গুৱাহাটীলৈ সৰবৰাহৰ বিনিময়ত প্ৰতিকেজি পাচলিত গড়ে সর্বোচ্চ ৫ টকা ব্যয় হয় বুলি জানিবলৈ দিছিল৷ কিন্তু আশ্চর্যজনক ভাবে খাৰুপেটীয়াৰ পৰা গুৱাহাটী আহি পোৱাৰ পাছতেই পাচলিৰ দাম প্ৰতি কেজিত ৫০ টকা পর্যন্ত বৃদ্ধি পাইছে৷

 

বজাৰ নিয়ন্ত্ৰণত বিফল চৰকাৰ

 

আমাৰ এই অনুসন্ধানতেই ষ্পষ্ট যে, শাক পাচলিৰ বজাৰ নিয়ন্ত্ৰণত চূড়ান্ত ব্যর্থ হৈছে চৰকাৰ অথবা যোগান বিভাগ৷ যাৰ সুযোগ লৈ এচাম মধ্যভোগী ব্যৱসায়ীয়ে কৃষকৰ পৰা নিম্নতম মূল্যত পাচলি ক্ৰয় কৰি বজাৰত যোগান ধৰিছে বর্ধিত দামত৷ সেই চাম মধ্যভোগী ব্যৱসায়ীক নিয়ন্ত্ৰণত চৰকাৰৰ হেমাহিয়েই বা কিয় সেয়াই লক্ষণীয় বিষয়৷ কিন্তু চৰকাৰী ব্যর্থতাৰ কথা অস্বীকাৰ কৰি মূল্যবৃদ্ধি সন্দর্ভত বিভিন্ন সময়ত চৰকাৰৰ বৰমুৰীয়া সকলেই কিছুমান অদ্ভুত মন্তব্য প্ৰদান কৰি আহিছে৷ শেহতীয়াকৈ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শর্মাই গুৱাহাটীত মূল্যবৃদ্ধিৰ কাৰণ ‘মিঞা’ বুলি ৰাজহুৱাকৈ ঘোষণা কৰিছে৷ গুৱাহাটীৰ ফ্লাই অভাৰৰ তলৰ পাচলিৰ বজাৰত মিঞা ব্যৱসায়ীয়ে অধিক দামত পাচলি বিক্ৰী কৰাৰ বাবেই দামবৃদ্ধি ঘটা বুলি মুখ্যমন্ত্ৰীজনে মন্তব্য কৰিছে৷ কিন্তু আমাৰ এই অনুসন্ধানতেই স্পষ্ট যে, খাৰুপেটীয়াই হওক, অথবা ভিন্ন প্ৰান্তৰ কৃষকৰ পৰা পাচলি আহি গুৱাহাটী পোৱাৰ পূর্বেই ৰাস্তাতেই পাচলিৰ দাম বৃদ্ধি পাইছে৷ চৰকাৰী হেমাহি নে কোনো প্ৰভাবশালীৰ ৰক্ষণাবেক্ষণ অথবা ছত্ৰছায়াত ৰাজপথতেই মধ্যভোগী ব্যৱসায়ীয়ে পাচলিৰ দাম বৃদ্ধি কৰি জনতাক মাধমাৰ শোধাইছে সেয়া এক ডাঙৰ প্ৰশ্ন৷

The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.

Articles: 4296