বঙহৰ বিৰুদ্ধে বঙহ দেউৰী সমাজত

নৱগঠিত দেউৰী স্বায়ত্ত শাসিত পৰিষদৰ বিৰুদ্ধে সৰৱ হৈছে দেউৰী জনতা।ভৈৰৱ দেউৰীক মুখ্য কাৰ্যবাহী হিচাপে লৈ চৰকাৰে গঠন কৰা পৰিষদৰ বিৰুদ্ধে সংবাদমেল বিহপুৰীয়া সমষ্টিত।দেউৰী জাতীয় ঐক্য মঞ্চ আৰু সদৌ দেউৰী নাৰী কল্যাণ সমিতিয়ে এই সংবাদমেলত বিজেপি চৰকাৰৰ বিৰুদ্ধে সোচ্ছাৰ হয়।পৰিষদত উত্তৰপাৰৰ এজনো সদস্যক বিষয়বাব নিদিয়াক লৈও ক্ষোভিত সকলো।দহ মিনিটতে তিনিজনক শপত গ্ৰহণ কৰাই মন্ত্ৰী পীযুষ হাজৰিকা, সাংসদ প্ৰদান বৰুৱাই ৰাইজক একো বক্তব্য নিদিয়া আৰু উত্তৰ পাৰৰ দেউৰী ৰাইজক প্ৰতাৰণা কৰাৰ অভিযোগত এই সংবাদমেল অনুষ্ঠিত কৰে দেউৰী জাতীয় ঐক্য মঞ্চৰ সভাপতি সম্পাদকৰ লগতে সদৌ দেউৰী নাৰী কল্যাণ সমিতিয়ে। সংগঠনকেইটাইঅনতি পলমে নৱগঠিত পৰিষদখন ভংগৰ দাবী তোলে সংবাদমেলত।অন্যথা, আন্দোলন ঘোষণা কৰাৰো হুমকি দিয়ে সংগঠন কেইটাই।আন্দোলনৰ কাৰ্যসূচী অনুসৰি তিনি জানুৱাৰীত মুখ্যমন্ত্ৰী ড° হিমন্তবিশ্ব শৰ্মা, মন্ত্ৰী পীযুষ হাজৰিকা আৰু লখিমপুৰৰ সাংসদ প্ৰদান বৰুৱাৰ পুত্তলিকা দাহ কৰা, পাঁচ জানুৱাৰীত পাঁচ ঘণ্টীয়া অসম বন্ধ ঘোষণা কৰে।

The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.

Articles: 4296