ফিলিপাইনত সন্ত্ৰাসবাদীৰ আক্ৰমণত প্ৰায় ১৪ জন লোক নিহত

Share This Article

ফিলিপাইনত সন্ত্ৰাসবাদীৰ আক্ৰমণ। ইছলামিক সন্ত্ৰাসবাদীয়ে কৰা বোমা বিস্ফোৰণত প্ৰায় ১৪ জন লোক নিহত হয়। দেশখনৰ সামৰিক আৰু আৰক্ষীৰ বিষয়াসকলে জনোৱা মতে, বিস্ফোৰণত কমেও ৭৫ জন সৈন্য, আৰক্ষীৰ লোক আৰু অসামৰিক লোক আহত হয়।

ফিলিপাইনৰ ছুলু প্ৰদেশৰ জল’ নগৰৰ এখন গেলামাল আৰু কম্পিউটাৰৰ বিপনীৰ সন্মুখত ৰখাই থোৱা সেনাৰ দুখন ট্ৰাকৰ কাষত ৰখাই থোৱা মটৰ চাইকেলত বান্ধি থোৱা অৱস্থাত প্ৰথমটো বিস্ফোৰন হয়। মটৰ চাইকেলত বান্ধি থোৱা বোমাটো IED আছিল। প্ৰথমটো বোমা বিস্ফোৰণ হোৱা প্ৰায় এঘণ্টাৰ পিছতে এগৰাকী মহিলা আত্মঘাতী বোমাৰুৱে সেনাৰ লোকক লক্ষ্য কৰি আগবাঢ়ি যায় আৰু নিজকে বিস্ফোৰিত কৰে।

এই ঘটনাত এজন সৈনিক নিহত হোৱাৰ লগতে বহুতো লোক আহত হয়। আনহাতে এখন বজাৰৰ পৰা বিস্ফোৰণ নোহোৱা অৱস্থাত আন এটা বোমা উদ্ধাৰ কৰা হয়।

featured photo courtesy: Greatlakesadvocate

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.