প্ৰাৰ্থীৰ নাম ল’বলৈ গৈ থৰথৰ কৈ কঁপিছে বিজেপি !

Share This Article

অহা ১০ মে’ত কৰ্ণাটক বিধানসভাৰ নিৰ্বাচন অনুষ্ঠিত হ’ব৷নিৰ্বাচনক লৈ ব্যস্ততা বাঢ়িছে শাসক দল বিজেপি ,বিৰোধী দল কংগ্ৰেছ আৰু জনতা দল (এছ)ৰ।ৰাজ্যখনত এতিয়ালৈকে কেইবাখনো জনসভাত অংশ লৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে৷গৃহমন্ত্ৰী অমিত শ্বাহেও ইতিমধ্যে ৰাজ্যখনৰ বিভিন্ন প্ৰান্তত কেইবাখনো জনসভাত অংশ লৈছে।কৰ্ণাটকত আছে মুঠ ২২৪ খন বিধানসভাৰ আসন৷কংগ্ৰেছ দলে ইতিমধ্যে প্ৰথমটো বাদেই ইয়াৰ দ্বিতীয় প্ৰাৰ্থী তালিকা প্ৰকাশ কৰিছে।কিন্তু তাৰ বিপৰীতে বিজেপি দলে সোমবাৰে অৰ্থাৎ ১০ এপ্ৰিলত দলটোৰ প্ৰথমখন প্ৰাৰ্থী তালিকা ঘোষণা কৰাৰ কথা আছিল যদিও মূৰকত প্ৰাৰ্থী তালিকা সোমবাৰেও পুনৰ ঘোষণা কৰাৰ পৰা বিৰত থাকিবলগীয়া হ’ল দলটো।দলৰ এক আভ্যন্তৰীণ সূত্ৰ অনুসৰি বৰ্তমানৰ শাসক দলৰ দুৰ্নীতিৰ বিৰুদ্ধে জনতাৰ ক্ষোভ বৃদ্ধি পোৱাৰ বাবেই দলটোৱে প্ৰাৰ্থী তালিকা ঘোষণাৰ ক্ষেত্ৰত যথেষ্ট সতৰ্কতা অৱলম্বন কৰিবলগীয়া হৈছে৷বিজেপি বিধায়ক মাদল বীৰুপাক্ষপ্পাক বিগত ২৭ মাৰ্চত উৎকোচ লোৱাৰ অপৰাধত গ্ৰেপ্তাৰ কৰিছিল।উল্লেখ্য যে বিজেপি বিধায়ক মাদল বীৰুপাক্ষপ্পাৰ পুত্ৰ প্ৰশান্থ মাদলক তেওঁৰ কাৰ্যালয়ত ৪০ লাখ টকা উৎকোচ লৈ থকাৰ সময়ত হাতেলোটে ধৰিছিল কৰ্ণাটক লোকায়ুক্তৰ বিষয়াই।তেওঁৰ কাৰ্যালয়ত অভিযান চলাই ১.৭ কোটি টকা নগদ ধন উদ্ধাৰ কৰিছিল আৰক্ষীয়ে।বিজেপিৰ কেন্দ্ৰীয় নিৰ্বাচনী সমিতিয়ে ইতিমধ্যে কৰ্ণাটকৰ প্ৰথমখন প্ৰাৰ্থী তালিকা প্ৰস্তুত কৰিছে ।দেওবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী,কেন্দ্ৰীয়মন্ত্ৰী ৰাজনাথ সিং,গৃহমন্ত্ৰী অমিত শ্বাহ,ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাৰ উপস্থিতিত এই প্ৰাৰ্থী তালিকা চূড়ান্ত কৰা হয়।ইতিমধ্যে বৰ্তমানৰ মুখ্যমন্ত্ৰী বাসৱৰাজ বম্মাইৰ সমষ্টি নিশ্চিত কৰিছে বিজেপিৰ শীৰ্ষ নেতৃত্বই৷হাভেৰী জিলাৰ ছিগগাওঁ সমষ্টিৰ পৰা প্ৰাৰ্থিত্ব আগবঢ়াব মুখ্যমন্ত্ৰী বাসৱৰাজ বম্মায়ে।প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ইতিমধ্যে ৰাজ্যখনত ৯ খন নিৰ্বাচনী সভাত অংশ লৈছে৷কিন্তু মোডীৰ প্ৰচাৰেও যেন কৰ্ণাটকৰ জনতাক মুহিব পৰা নাই৷আনহাতে,কৰ্ণাটকৰ দৰে এখন বিশাল ৰাজ্য হেৰুৱাবলৈ কোনো কাৰণতে প্ৰস্তুত নহয় বিজেপি।কাৰণ বিধানসভাত দলটো পৰাজিত হোৱা মানেই লোকসভাৰ ২৮ খন আসনৰ ক্ষেত্ৰত তীব্ৰ প্ৰত্যাহ্বানৰ সন্মুখীন হোৱা।ইফালে কৰ্ণাটকৰ কোলাৰত ভাষণ দিয়েই ৰাহুল গান্ধীয়ে হেৰুৱাইছিল সাংসদ পদ৷সেয়ে ৰাহুল গান্ধীয়ে কোলাৰতেই ভাৰত জয়ৰ যাত্ৰা আৰম্ভ কৰিব বুলি ঘোষণা কৰিছে।পক্ষপাতিত্বমূলকভাৱে ৰাহুল গান্ধীৰ সাংসদ পদ খাৰিজ কৰাৰ পিছত বিৰোধী দল ঐক্যবদ্ধ হোৱাটোৱেও তীব্ৰ প্ৰত্যাহ্বানৰ সৃষ্টি কৰিছে বিজেপিৰ সন্মুখত।সাতে সোতৰই মিলি বিজেপি দলে প্ৰাৰ্থী বাচনি,প্ৰাৰ্থী ঘোষণা আনকি নিৰ্বাচনী প্ৰতিশ্ৰুতি প্ৰদানৰ ক্ষেত্ৰতো যথেষ্ট সজাগতা অৱলম্বন কৰিবলগীয়া হৈছে।আটাইতকৈ গুৰুত্বপূৰ্ণ বিষয়টো হ’ল কংগ্ৰেছ সভাপতি মল্লিকাৰ্জ্জুন খাৰ্গেৰ গৃহৰাজ্য কৰ্ণাটক৷সেয়ে কংগ্ৰেছৰ লগতে খাৰ্গেৰ বাবে ই এক সন্মানৰ যুঁজ৷বিগত ২০১৮ চনৰ নিৰ্বাচনত বিজেপি দলে ১০৪ খন আসন লাভ কৰাৰ বিপৰীতে কংগ্ৰেছ দলে ৭৮ খন আৰু জনতা দল (এছ) এ ৩৮ খন আসনত জয়লাভ কৰিছিল।শাসক দল বিজেপিৰ প্ৰতি ভাগ্য কিমান সুপ্ৰসন্ন হয়,সেয়া নিৰ্ভৰ কৰিব বিজেপিৰ প্ৰাৰ্থী তালিকাৰ ওপৰত !

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.