প্ৰাৰ্থীক হৰুৱাহে লক্ষ্য আছিল নেকি নিৰ্বাচনত?

Share This Article

দেউৰী স্বায়ত্ত শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়াজনৰ সমষ্টিত আচলতে কেনেধৰণৰ প্ৰচাৰ চলিছিল? অলপতে অনুষ্ঠিত হৈ যোৱা পৰিষদখনৰ নিৰ্বাচনৰ বাবে বিহপুৰীয়াত বিজেপি দলৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাবলৈ গৈছিল ৰাজ্য চৰকাৰৰ প্ৰভাৱশালী মন্ত্ৰী পীয়ুষ হাজৰিকা,মন্ত্ৰী জয়ন্তমল্ল বৰুৱা,মন্ত্ৰী কেশৱ মহন্ত আৰু দলটোৰ সভাপতি ভৱেশ কলিতা। কেইবাটাও পৰিষদীয় সমষ্টিত মন্ত্ৰীকেইজনে দলীয় প্ৰাৰ্থীৰ হৈ নিবাচনী প্ৰচাৰ চলাইছিল। কিন্তু তাৰ মাজতে ব্যতিক্ৰম ধৰণে প্ৰচাৰ চলোৱা এটা সমষ্টি হ’ল ১৯ নং কিনাপথাৰ সমষ্টি। সমষ্টিটোত মন্ত্ৰী পীয়ুষ হাজৰিকাই পৰিষদখনৰ মুখ্য কাৰ্যবাহী বিষয়া বিষ্ণু দেউৰীৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাই থকাৰ মাজতে JPP ৰ প্ৰাৰ্থীক চৰম ভাবুকি প্ৰদান কৰে। তাৰ পৰৱৰ্তী সময়ত নিৰ্বাচন অনুষ্ঠিত হোৱা দিনাই বিহপুৰীয়া সমষ্টিৰ বিধায়ক ড° অমিয় কুমাৰ ভূঞাই ভোট কেন্দ্ৰত গৈ মুকলিভাৱে মহিলাক ধন বিতৰণ কৰিছিল। তাত উপস্থিত থকা মহিলাই বিধায়কজনক অৱশ্যে পহুখেদা দিছিল। পৰৱৰ্তী সময়ত মুখ্য কাৰ্যবাহী বিষয়াজন JPP ৰ প্ৰাৰ্থী বিজুমণি দেউৰীৰ হাতত পৰাজিত হয়। প্ৰশ্ন হয়, বিষ্ণু দেউৰীৰ পৰাজয়ৰ বাবে কৌশলী নিৰ্বাচনী প্ৰচাৰ চলালে মন্ত্ৰী পীয়ুষ হাজৰিকাই? এতিয়া সৰ্বত্ৰ এই প্ৰশ্নই উত্থাপন হোৱা দেখা গৈছে। কিয়নো, ভোট গ্ৰহণ আৰম্ভ হোৱাৰ কিছু সময়ৰ পিছতেই বিধায়ক অমিয় ভূঞাই সমষ্টিটোৰ এটা ভোট কেন্দ্ৰত গৈ ধন বিতৰণ কৰিছিল। সময় তেতিয়া প্ৰায় ১১টাৰ পৰা ১২টা বাজিছিল। এনে ধৰণৰ কাণ্ড এটা সংঘটিত কৰি সমষ্টিটোত বিজেপিৰ প্ৰতি ভোটাৰৰ মোহ ভংগ কৰাৰ গভীৰ চক্ৰান্ত আছিল নেকি চৰকাৰৰ? কাৰণ সেই কাণ্ডৰ পিছতো বিধায়কজনৰ বিৰুদ্ধে মুখ্যমন্ত্ৰীয়ে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা পৰিলক্ষিত হোৱা নাই। আন এটা অসমৰ্থিত সূত্ৰৰ মতে একেৰাহে একাধিক বাৰ পৰিষদৰ সদস্য হৈ থকা একাংশ নেতাক এইবাৰ নিৰ্বাচনত প্ৰাৰ্থিত্ব আগনবঢ়াবলৈ কোৱা হৈছিল যদিও একাংশ নেতাই দলৰ নিৰ্দেশনা অৱমাননা কৰি নিৰ্দলীয় হিচাপে নিৰ্বাচন খেলি অৱশ্যে পৰাজয় স্বীকাৰো কৰিছে। সম্ভৱতঃ মুখ্য কাৰ্যবাহী বিষয়াজনক দলৰ ফালৰ পৰা নিৰ্বাচনত প্ৰাৰ্থিত্ব আগ নবঢ়াবলৈ যদিও কোৱা হৈছিল, তেখেতে বিষয়টো মানি নল’লেও দলৰ ফালৰ পৰাও বেছি হেঁচা দি চৰকাৰৰ বিৰুদ্ধে ক্ষোভ সৃষ্টি কৰাৰো পক্ষপাতী নাছিল দল তথা চৰকাৰ। এনে এক পৰিস্থিতিত চলে বলে কৌশলে পুনৰ বাৰ ক্ষমতা লাভ কৰাৰ পথ বন্ধ কৰাৰ কৌশলেৰে প্ৰাৰ্থীজনক পৰাজিত কৰা বুলি এতিয়া সৰ্বত্ৰ চৰ্চা লাভ কৰিছে৷

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.