প্ৰস্ৰাৱেহে ৰাখিছে প্ৰাণ

Share This Article

নিজৰ প্ৰস্ৰাৱ সেৱন কৰি তিনি দিন সোমাই থাকিল ধ্বংসস্তূপৰ মাজত।খাবলৈ একো নাই,হেঁচা মাৰি ধৰিছে ধ্বংসস্তূপে।উপায়হীন হৈ সেৱন কৰিছে নিজৰেই প্ৰস্ৰাৱ।ভূমিকম্পত তচনচ হোৱা তুৰস্কৰ প্ৰায়বোৰ চহৰ বৰ্তমান মৰিশালিলৈ ৰূপান্তৰিত হৈছে৷শিয়াল-শগুণে টানিছে মৃতদেহ । উদ্ধাৰ অভিযান চলি আছে যদিও এতিয়াও ধ্বংসস্তুপৰ তলত সোমাই আছে হাজাৰ হাজাৰ লোক।বিগত সোমবাৰে পুৱতি নিশা এক ভয়ংকৰ ভূমিকম্পই কঁপাই গৈছিল তুৰস্ক আৰু ছিৰিয়া।এতিয়ালৈকে প্ৰায় ২৪ হাজাৰ মৃতদেহ উদ্ধাৰ হৈছে,প্ৰথমাৱস্থাত ধ্বংসাৱশেষৰ মাজত জীৱিত লোক থকাৰ আশা কৰা হৈছিল যদিও বৰ্তমান সেই আশাও একেবাৰে ক্ষীণ হৈ পৰিছে।সমগ্ৰ বিশ্বৰ প্ৰায় ৯৫ খন দেশে দুয়োখন দেশত সাহাৰ্য আগবঢ়োৱাৰ লগতে সহায় কৰিছে উদ্ধাৰকাৰ্যত।প্ৰচণ্ড তুষাৰপাতৰ বাবে উদ্ধাৰ আৰু সাহাৰ্যত বাধাৰ সৃষ্টি হৈছে।দুয়োখন দেশৰ মুঠ ৮ লাখ ৭০ হাজাৰ লোক গৃহহাৰা হৈছে।ছিৰিয়াতেই গৃহহীন হৈছে ৫ লাখ লোক৷তুৰস্কৰ বিভিন্ন হোটেলৰ মালিকে গৰম খাদ্য তৈয়াৰ কৰি আক্ৰান্ত লোকসকলক যোগান ধৰিছে।শুকুৰবাৰে উদ্ধাৰ হোৱা এজন ব্যক্তিয়ে কয় যে তেওঁ নিজৰ প্ৰস্তাৱ সেৱন কৰি বিগত চাৰিটা দিন জীয়াই আছিল।আন এজন উদ্ধাৰ হোৱা লোকে জনাইছে যে তেওঁ উদ্ধাৰকাৰী দলৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ চিঞৰি চিঞৰি গান গাইছিল।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.