প্ৰধানমন্ত্ৰী মোডীৰ মুদা মৰিব ২০২৪ ত !

Share This Article

ED ,CBI ৰ দৰে পাশুপাত অস্ত্ৰয়ো ত্ৰাসৰ সৃষ্টি কৰিব পৰা নাই বিৰোধী শিবিৰত।আপ দলৰ দিল্লীৰ প্ৰাক্তন উপমুখ্য মন্ত্ৰী মণীষ ছিছ’ডিয়া,প্ৰাক্তন স্বাস্থ্য মন্ত্ৰী সত্যেন্দ্ৰ জৈনৰ দৰে নেতাক কাৰাগাৰত ৰাখিও কাবু কৰিব পৰা নাই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু গৃহ মন্ত্ৰী অমিত শ্বাহ নিয়ন্ত্ৰণাধীন কেন্দ্ৰীয় সংস্থাসমূহে।বিৰোধীৰ একতাৰ পণ কলিতে মষিমূৰ কৰিবলৈ লোকসভা নিৰ্বাচনলৈ প্ৰায় ডেৰটা বছৰ থকাৰ পৰাই অৰ্থাৎ বিগত বৰ্ষৰ মে’ মাহৰ পৰাই বিৰোধীৰ বিৰুদ্ধে CBI,EDৰ দৰে কেন্দ্ৰীয় সংস্থাসমূহ ব্যৱহাৰ কৰি আহিছে বিজেপিয়ে।দিল্লীৰ শিক্ষা মন্ত্ৰী,স্বাস্থ্য মন্ত্ৰীৰ পিছত ED,CBI লগোৱাৰ আগত পশ্চিম বংগৰ শিক্ষা মন্ত্ৰী পাৰ্থ চেটাৰ্জী,বীৰভুম জিলাৰ তৃণমূল কংগ্ৰেছৰ নেতা তথা মমতা বেনাৰ্জীৰ সোঁহাত স্বৰূপ অনুব্ৰত মণ্ডলক গ্ৰেপ্তাৰ কৰে CBI এ।ইতিমধ্যে মমতা বেনাৰ্জীৰ ভতিজাক তথা তৃণমূলৰ ৰাষ্ট্ৰীয় সম্পাদক অভিষেক বেনাৰ্জী,দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল,বিহাৰৰ উপমুখ্যমন্ত্ৰী তেজস্বী যাদৱ,তেলেংগানাৰ মুখ্যমন্ত্ৰী কে চন্দ্ৰশেখৰ ৰাও তথা তেওঁৰ কন্যা , ভাৰত ৰাষ্ট্ৰ সমিতিৰ নেত্ৰী কে কবিতাও বিভিন্ন অভিযোগত CBI ,ED ৰ সন্মুখত হাজিৰ হ’বলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে।বিগত বৰ্ষৰ ১৭ নবেম্বৰত ঝাৰখাণ্ডৰ মুখ্যমন্ত্ৰী হেমন্ত ছোৰেণকো ED ৰ কাৰ্যালয়ত উপস্থিত হোৱাৰ নিৰ্দেশ জাৰি কৰা হৈছিল।আনহাতে,শিৱসেনাৰ উদ্ধৱ থাকৰে গোটৰ মাজত বিভাজন আনি একনাথ সিন্দেৰ নেতৃত্বত বিজেপিৰ সহযোগত এক মিত্ৰজোঁটৰ চৰকাৰ গঠন কৰে মহাৰাষ্ট্ৰত।মুঠতে কাশ্মীৰৰ পৰা কন্যাকুমাৰীলৈ কোনো এগৰাকী বিৰোধী দলৰ নেতাই যে শান্তিৰে নিজৰ দায়িত্ব পালন কৰিব পৰা নাই বিজেপিৰ শাসনৰ দিনত সেই কথা স্পষ্ট।

উল্লেখ্য যে প্ৰধান বিৰোধী দল কংগ্ৰেছৰ নেতৃত্বত গঠন কৰা হৈছে বিৰোধী ঐক্যমঞ্চ।কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ নেতৃত্বত বিগত ৬ ছেপ্তেম্বৰৰ পৰা আৰম্ভ হোৱা ভাৰত জোড়ো যাত্ৰাই বিৰোধীৰ ঐক্যৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰাটো পৰিলক্ষিত হৈছে।ৰাহুল গান্ধীৰ নেতৃত্বত ছেপ্তেম্বৰত আৰম্ভ হোৱা এই পদযাত্ৰা বিগত ২৯ জানুৱাৰীত অন্ত পৰে কাশ্মীৰত৷ইয়াৰ ঠিক পিছৰে পৰাই বিজেপিৰ দৃষ্টিত ‘পাপ্পু’ যথেষ্ট সজাগ আৰু পৰিপক্ব হ’ল। সেই পৰিপক্ব  কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে আগবঢ়োৱা সূত্ৰ অনুসৰি প্ৰতিটো লোকসভা সমষ্টিতে বিজেপিৰ বিৰুদ্ধে মাত্ৰ এজনকৈ উমৈহতীয়া প্ৰাৰ্থী থিয় কৰোৱাৰ পৰিকল্পনা কৰিছে বিৰোধী শিবিৰে ।কিছুদিন পূৰ্বে নতুন দিল্লীত অনুষ্ঠিত এই দলসমুহৰ বৈঠকৰ পিছতে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালেও বিৰোধী ঐক্যত চামিল হোৱাৰ বাবে সন্মত হৈছিল।বিহাৰৰ মুখ্যমন্ত্ৰীৰ নীতিশ কুমাৰৰ লগত বৈঠকৰ পাছত মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে কয় যে বিজেপি দলক হিৰোৰ পৰা জিৰোত পৰিণত কৰাই হ’ব বিৰোধী ঐক্যৰ মূল লক্ষ্য।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.