প্ৰথমবাৰৰ বাবে সৰ্ব ভাৰতীয় বেঙ্ক বিষয়া মহাসংঘৰ সাধাৰণ সম্পাদক পদত অসমৰ বিষয়া

Share This Article

অসম তথা উত্তৰ পূৰ্বান্চলৰ এজন বেংক বিষয়া বিষয়া প্ৰথমবাৰৰ বাবে সৰ্ব ভাৰতীয় বেঙ্ক বিষয়া মহাসংঘৰ (আইবক)ৰ সাধাৰণ সম্পাদক হিচাপে নিৰ্বাচিত হৈছে । বৰ্তমান ভাৰতীয় ষ্টেট বেঙ্ক বিষয়া সন্থাৰ অধ্যক্ষৰূপে কৰ্মৰত ৰূপম ৰয়ে আজি এই গুৰুত্বপূৰ্ণ দায়িত্ব লাভ কৰিছে। গুৱাহাটীৰ দিছপুৰত থকা ষ্টেট বেংক অৱ ইণ্ডিয়াৰ মাণ্ডলিক মুখ্য কাৰ্যালয়ত কৰ্মৰত ৰূপম ৰয় বৰ্তমান ভাৰতীয় ষ্টেট বেঙ্ক বিষয়া সন্থাৰ উত্তৰ পূব মণ্ডলৰো সাধাৰণ সম্পাদক। ৰয় হৈছে সকলো বেঙ্ক বিষয়া সন্থাৰ সৰ্ব ভাৰতীয় মহাসংঘৰ সাধাৰণ সম্পাদক হিচাপে নিৰ্বাচিত হোৱা উত্তৰ-পূৱ ভাৰতৰ প্ৰথম ব্যক্তি । আজি চেন্নাইত অনুষ্ঠিত হোৱা কাৰ্যকৰী কমিটিৰ সভাই এই সিদ্ধান্ত গ্ৰহণ কৰে। বৰ্তমান ভাৰতীয় ষ্টেট বেঙ্কৰ গুৱাহাটীৰ প্ৰধান কাৰ্যালয়ত কৰ্মৰত ৰয়ে মাত্ৰ ৪৬ বছৰ বয়সতে এই গুৰুত্বপূৰ্ণ পদলৈ নিৰ্বাচিত হোৱা বাবে বেঙ্কৰ বিষয়া সকলে আনন্দ প্ৰকাশ কৰাৰ লগতে বেঙ্ক বিষয়াৰ সংগঠণটোৱে তেওঁৰ নেতৃত্বত এক নতুন গতি পাব বুলি আশা প্ৰকাশ কৰিছে। আগন্তুক ১ ডিচেম্বৰত ৰয়ে বৰ্তমানৰ সৰ্ব ভাৰতীয় বেঙ্ক বিষয়া সন্থা(আইবক)ৰ সাধাৰণ সম্পাদক সৌম্যদত্তৰ পৰা কাৰ্য্যভাৰ গ্ৰহণ কৰিব ।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.