পুনৰ গুৱাহাটী IIT ত মৃত্যু ছাত্ৰৰ

Share This Article

গুৱাহাটীৰ আইআইটিত যেন মৃত্যুৰ কিৰিলি।শুই থকা অৱস্থাতে প্ৰতিষ্ঠানটোৰ চূড়ান্ত বৰ্ষৰ ছাত্ৰৰ মৃতদেহ উদ্ধাৰ। শিক্ষা প্ৰতিষ্ঠানখনৰ দিহিং ছাত্ৰাবাসৰ ৩৩৭নং কোঠাত এজন ছাত্ৰক অচেতন অৱস্থাত উদ্ধাৰ কৰে সহপাঠীয়ে ।অচেতন অৱস্থাত উদ্ধাৰ কৰা ছাত্ৰ জনক শিক্ষা প্ৰতিষ্ঠানখনৰে চিকিৎসক উপস্থিত হৈ ছাত্ৰজনক মৃত বুলি ঘোষণা কৰে।মৃত ছাত্ৰজন মহাৰাষ্ট্ৰৰ নাগপুৰৰ হৃত্বিক সঞ্জয় ভবানী।সূত্ৰ অনুসৰি, হৃত্বিক সঞ্জয় ভবানী আইআইটি গুৱাহাটীৰ বি টেকৰ চূড়ান্ত বৰ্ষৰ শিক্ষাৰ্থী আছিল।ছাত্ৰজনৰ মৃত্যুৰ কাৰণ এই পৰ্যন্ত জানিব পৰা হোৱা নাই ।ইতিমধ্যে ঘটনা সম্পৰ্কত আৰক্ষীয়ে দণ্ডাধীশ পৰ্যায়ৰ তদন্ত আৰম্ভ কৰিছে।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.