Investigative reporting with dedication.

সিদ্ধু মুচেৱালাক মনত আছেনে?আজিৰ পৰা ১০ মাহ আগতে গুলীয়াই হত্যা কৰিছিল জনপ্ৰিয় পঞ্জাৱী গায়কজনক।মৃত্যুৰ কেইদিনমান আগতে তেওঁ যোগদান কৰিছিল কংগ্ৰেছত।সেই মুচেৱালাৰ পিতৃয়ে আজিলৈকে পোৱা নাই সুবিচাৰ।জে’লৰ পৰা মুক্ত হৈয়ে পঞ্জাব কংগ্ৰেছৰ নেতা নৱজিৎ সিং সিদ্ধুৱে সোমবাৰে উপস্থিত হয়গৈ প্ৰয়াত গায়কজনৰ বাসগৃহত।বিধানসভাৰ নিৰ্বাচনৰ আগত মুচেৱালাই সিদ্ধুৰ হৈ প্ৰচাৰ অভিযানতো অংশ লৈছিল।সোমবাৰে মুচেৱালাৰ পিতৃমাতৃক সাক্ষাৎ কৰে জনপ্ৰিয় ক্ৰিকেটাৰ তথা কংগ্ৰেছ নেতা নৱজিৎ সিদ্ধুৱে।মুচেৱালাৰ পিতৃ বালাকৌৰ সিঙে নবজিৎ সিং সিদ্ধুক জনাই যে তেওঁ তেওঁৰ পুত্ৰৰ বাবে ন্যায় বিচাৰি পঞ্জাৱ বিধানসভাৰ সন্মুখতো ধৰ্ণা দিছিল।মুচেৱালাৰ পিতৃয়ে কয় ‘ বিগত ১০ মাহত মই কেইবাবাৰো আৰক্ষী আৰু প্ৰশাসনৰ কাষ চাপিছোঁ।মোক হত্যাকাৰী ধৰিব বুলি নিশ্চিতি প্ৰদান কৰা হৈছিল৷কিন্তু মই কোনো সুবিচাৰ নাপালোঁ।’উল্লেখ্য যে গল্ডী ব্ৰাৰক এই হত্যাকাণ্ডৰ বাবে অভিযুক্ত কৰা হৈছিল ।তেওঁলোকে ধন লৈ মোৰ পুত্ৰক হত্যা কৰিলে৷মাষ্টাৰমাইণ্ড আছিল গল্ডী ব্ৰাৰ৷কিন্তু গল্ডী ব্ৰাৰৰ বিৰুদ্ধে কোনো ব্যৱস্থা লোৱা নাই।




